NORTHEAST NOW (Assamese)
Popular Stories

ৰাম মন্দিৰ ভূ্মিপূজন আৰু শিলান্যাসৰ সূচী : কিমান সময় ইটা গাঠিব প্ৰধানমন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 9:30 am
index.jpg00-750x375

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰ ভূমিপূজন কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ৪০ কিলোগ্ৰামৰ এটা ৰূপালী ইটাৰে শিলান্যাস কৰিব ৰাম মন্দিৰৰ।

দুপৰীয়া ১২ টা ৪০ মিনিট ৮ ছেকেণ্ডৰ পৰা আৰম্ভ কৰি ১২ টা ৪০ মিনিট ৪০ ছেকেণ্ডলৈ অৰ্থাৎ মাত্ৰ ৩২ ছেকেণ্ড সময় হৈছে শুভ ক্ষণ।

উক্ত সময়ছোৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ শিলান্যাস কৰাৰ কথা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ সূচী তলত উল্লেখ কৰা হ’ল —

পুৱা ৯.৩০ বজাত বিশেষ বিমানেৰে দিল্লীৰ পৰা অযোধ্যালৈ ৰাওনা।

১০.৩০ বজাত লক্ষ্মৌৰ বিমান বন্দৰত অৱতৰণ।

১০.৪০ বজাত হেলিকপ্টাৰেৰে অযোধ্যালৈ ৰাওনা।

১১.৩০ বজাত চাকেট কলেজৰ হেলিপেডত অৱতৰণ।

১১.৪০ বজাত প্ৰথমে কনভয় যাব হনুমান মন্দিৰ।

দুপৰ ১২.০০ বজাত ৰাম জন্মভূমিত প্ৰৱেশ কৰি ৰামলালাক দৰ্শন।

১২.১০ বজাত পাৰিজাত বীজ ৰোপণ।

১২.১৫-১২.৪০ বজাত ৰাম মন্দিৰৰ ভূমিপূজন ও শিলান্যাস।

১২.৪৫-২.০০ বজাত মঞ্চত ভাষণ। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যৰ সৈতে বৈঠক।

২.১৫ বজাত অযোধ্যাৰ পৰা দিল্লীলৈ ওভতনি যাত্ৰা।