NORTHEAST NOW (Assamese)

বছৰৰ দ্বিতীয়টো বান পানীয়ে বুৰাই পেলালে দিচাংমুখৰ বিস্তীৰ্ণ অঞ্চল

July 12, 2020 9:18 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: July 13, 2020 6:26 am

কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নদী উপ-নদীসমূহ ওফন্দি উঠিছে।

প্ৰতিবছৰে বাৰিষা সময়ত বানপানী এক উৎসৱ হিচাপে পৰিগণিত হোৱা শিৱসাগৰৰ দিচাংমুখৰ বহু অঞ্চল এতিয়া পানীৰ তলত।

ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ লগতে নষ্ট কৰিছে খেতি পথাৰ আৰু পশুধন।

৭/৮ ফুট ওখ চাংঘৰ এতিয়া পানীৰ তলত থকাৰ বাবে ঘৰ এৰি ওখ ঠাইত থাকিবলগীয়া হৈছে বানাক্ৰান্ত লোক।

বস্তৃৰ্ণ দিচাংমুখ অঞ্চলৰ আলিচিগা, লিগিৰীবাৰী, চৰাইপৰা, গঠঙা, অফলা, গড়ভঙা, মামল গড়ভঙা, সৰাগুৰি চাপৰি, বলমা, আদি অঞ্চল এতিয়া পানীৰ তলত বুৰ গৈ আছে।

স্থানীয় ৰাইজে জনোৱা মতে বহুবছৰ ধৰি বান আৰু গৰাখহনীয়াৰ বাবে ভাবুকি অহা অফলাৰ এই মথাউৰিটো যদি ভাগে তেন্তে শিৱসাগৰ নগৰলৈও ভাবুকি আহিব।

বিজেপিৰ শাসনত থকা দিচাংমুখ পঞ্চায়তৰ বান গৰাখহনীয়া বুজ ল’বলৈ মন্ত্ৰী সাংসদ বিধায়ক নেতা পালিনেতা আহিছে আৰু প্ৰতিশ্ৰুতি দিছে। কিন্তু কাৰ্যক্ষেত্ৰত একো ব্যৱস্থা লোৱা নাই আজিকোপতি।

শিৱসাগৰৰ জল সম্পদ বিভাগে খৰালি সময়ত কোনো কাম নকৰি বাৰিষাৰ কিছুদিন পূৰ্বে অফলাৰ এই মথাউৰিটো জুৰা টাপলি মাৰি মেৰামতি কৰাৰ বাদে স্থায়ী সমাধানৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই দীৰ্ঘ দিন ধৰি।

যাৰ পৰিপ্ৰেক্ষিতত প্ৰতি বছৰে বানত ককবকাই জীয়াতু ভুগিবলগীয়া অঞ্চলবাসী।

Related News