NORTHEAST NOW (Assamese)

১৫০ ঘণ্টাত ৪ হাজাৰটা চাউলৰ ওপৰত লিখি উলিয়ালে গোটেইখন গীতা! কোন এই প্রতিভাশালী যুৱতী জানো আহক

October 21, 2020 4:38 pm · এন ই নাও নিউজ
Updated: October 21, 2020 8:11 pm

যুগ যুগ ধৰি মানুহক সত্য আৰু বাস্তৱিক পৃথিৱী খনৰ সৈতে চিনাকী কৰোৱাই দি  অহা শ্রীমদ্ভাগৱত গীতাখন চাউলৰ ওপৰত সম্পূৰ্ণকৈ লিখি উলিয়াই সকলোকে থৰ লগাই দিছে এগৰাকী যুৱতীয়ে।

৪ হাজাৰ ৪১ টা চাউলৰ ওপৰত গীতাৰ সকলো শ্লোক লিখি উলিয়াবলৈ সক্ষম হোৱা এই গৰাকী প্ৰতিভাশালী যুৱতী হৈছে তেলেংগানাৰ।

আইনৰ ছাত্ৰী ৰামাগিৰি ছাৰিকাই শেহতীয়াকৈ চাউলৰ ওপৰত গীতাখন লিখি অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে।

লক্ষ্যণীয় কথাটো হ’ল চাউলৰ ওপৰত গীতাৰ শ্লোক লিখাৰ সময়ত ৰামাগিৰি ছৰিকাই সহায় লোৱা নাছিল কোনো মেগনিফায়িং গ্লাছৰ।

৪ হাজাৰ ৪১ টা চাউলৰ ওপৰত সম্পূৰ্ণ গীতা খন লিখি উলিয়াবলৈ সক্ষম হোৱা ছাৰিকাই কয় যে ইয়াৰ পূৰ্বেও তেওঁ এটা চাউলৰ ওপৰতে গণেশৰ মূৰ্তি আঁকি উলিওৱাৰ লগতে এটা চাউলত ইংৰাজীৰ ২৬ টা বৰ্ণও লিখিছে।

ভাৰতৰ প্ৰথম গৰকী মাইক্ৰ’ আৰ্টিষ্ট হিচাবে পৰিচিত ছাৰিকাই এতিয়ালৈকে চাৰি হাজাৰৰো অধিক মাইক্ৰ’ আৰ্ট কৰিছে।

তেওঁ মাইক্ৰ’ আৰ্টৰ বাবে দেশ তথা বিদেশৰ পৰাৰ ভালেকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

আটাইতকৈ আচৰিত কথাটো হ’ল সমগ্ৰ গীতা খন চাউলৰ ওপৰত লিখি উলিয়াবলৈ ছাৰিকাই সময় লৈছে মাত্ৰ ১৫০ ঘণ্টা।

Related News