NORTHEAST NOW (Assamese)
অসম

আজি পুৱাই গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী বাঘ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 24, 2021 1:57 pm
leopard caged

গোলাঘাটত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি অহা এটা নাহৰফুটুকী বাঘ বৃহস্পতিবাৰে পুৱাই পিঞ্জৰাবদ্ধ কৰা হয়।

টাইগাৰ জ’নলৈ পৰ্যবেসিত হোৱা গোলাঘাট বগৰীজেং আৰু বেতিয়নীৰ এই বৃহত্তৰ অঞ্চলটোত ৰাইজৰ গৰু, ছাগলী,গাহৰি আদি পোহনীয়া জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘে।

অৱশেষত আজি পুৱাই পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকী  বাঘটো প্ৰত্যক্ষ কৰে ৰাইজে।

জানিব পৰা মতে, বাঘটোৰ আনুমানিক বয়স প্ৰায় ২-৩ বছৰ হ’ব। গোলাঘাটৰ বগৰীজেং নৰা গাঁৱ,বেতিয়নীৰ এই বৃহৎ  অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা বাঘে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।

উল্লেখ্য যে, যোৱা দুটা বছৰত উল্লেখিত অঞ্চল কেইটাৰ পৰা মুঠ ১১ টা বাঘ পিঞ্জৰাবদ্ধ কৰা হয়।

বাঘৰ মুক্ত বিচৰণৰ বাবেই সমগ্র অঞ্চলটো যেন টাইগাৰ জ’নলৈ পৰ্যবসিত হৈছে।  ৰাইজে আশংকা কৰা মতে অঞ্চলটোত আৰু অধিক বাঘ থকাৰ সম্ভাৱনা আছে।