NORTHEAST NOW (Assamese)
অসম

বাংলাদেশলৈ গৰু সৰবৰাহ চিণ্ডিকেট চক্ৰৰ মাফিয়া মোজাম্মিল হ’ক গুলীবিদ্ধ

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 24, 2021 2:39 pm
Muzamil shot

যোৱা নিশা গুলীবিদ্ধ হয় গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া মোজাম্মিল হ’ক ৷

মোজাম্মিল হ’ক হাউলী থানাত ১০ দিনৰ আৰক্ষী জিম্মাত আছিল ৷

যোৱা মঙলবাৰে সন্ধিয়া বৰপেটাৰ আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পন কৰিছিল মোজাম্মিল হ’কে ৷

মোজাম্মিল হ’কৰ ঘৰ বৰপেটা ৰোড চহৰৰ মিছন ৰোডত ৷

দীৰ্ঘদিন ধৰি ৰাজ্যৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ চক্ৰৰ নেতৃত্ব দি আহিছিল মোজাম্মিল হ’কে ৷

যোৱা নিশা কলগাছিয়াত গুলীবিদ্ধ হয় গৰু মাফিয়াজন ৷

বৰপেটাৰ আৰক্ষী অধীক্ষকৰ পৰা জানিব পৰা মতে গৰু মাফিয়াজনক লৈ আৰক্ষীয়ে কলগাছিয়ালৈ অনুসন্ধানৰ বাবে লৈ গৈ থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ ফলতেই আৰক্ষীৰ গুলিত আহত হয় মোজাম্মিল হক ৷

মোজাম্মিল হকৰ ভৰিত গুলি লগা বুলিও জানিবলৈ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত হয়তো আৰক্ষীয়ে এইবিষয়ে সকলো কথা আনুষ্ঠানিকভাৱে জনাব ৷

গুলিবিদ্ধ মোজাম্মিল হ’কক নিশাৰ ভাগতে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ জৰুৰী ৱাৰ্ডত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

মোজাম্মিল হ’ক গুলিবিদ্ধ হোৱাৰ ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে গৰু মাফিয়া বৰপেটা জিলাৰ হাউলীৰ খাইৰুল ইছলামকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

খাইৰুল ইছলামৰ গ্ৰেপ্তাৰৰ পিছৰে পৰাই প্ৰায় এমাহ ধৰি পশ্চিমবংগত আত্মগোপন কৰি থকা মোজাম্মিল হ’কে মঙলবাৰে বৰপেটাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ পিচত হাউলী থানাত ১০ দিনৰ আৰক্ষীৰ জিম্মাত আছিল ৷