NORTHEAST NOW (Assamese)

বৰডুমচাৰ কৈলাশপুৰত যৌতুকৰ দাবীত স্বামীয়ে জ্বলালে নিজৰ ঘৰ

October 30, 2019 7:06 am · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰত যৌতুকৰ দাবীত পত্নীক অত্যাচাৰ চলোৱা ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে সাত মাহৰ পূৰ্বে কৈলাশপুৰ গাৱঁ‌ৰ ৰাতুল চাংমাই নামৰ লোকজনৰ সৈতে ওচৰৰে সোণজান গাঁৱৰ দিপিমা চাংমাই নামৰ মহিলাগৰাকী বিবাহপাশত আবদ্ধ হৈছিল। তাৰ পাছৰে পৰা যৌতুকৰ নামত এখন মটৰচাইকেল আৰু ১০ হাজাৰ টকা ৰাতুল চাংমাইয়ে দাবী কৰি বিভিন্ন ধৰণে নির্যাতন চলাই আহিছিল নিজ পত্নীক।

পত্নীয়ে টকাসহ মটৰচাইকেল আনিবলৈ সক্ষম নোহোৱাত সোমবাৰে নিশা প্ৰায় দহমান বজাত পত্নীক শাৰীৰিক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি পঠোৱাৰ পিছতে স্বামীয়ে মদৰ নিচাত নিজৰ বাসগৃহত অগ্নিসংযোগ কৰি দিয়ে। ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে ঘৰটো।

স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও সক্ষম নহল। উল্লেখ্য যে অগ্নিসংযোগ কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে অভিযুক্ত ৰাতুল চাংমা।

পত্নীয়ে যৌতুকৰ নামত টকা আৰু  মটৰচাইকেল আনি নিদিয়াৰ বাবেই এইদৰে নিজৰ ঘৰটো জ্বলাই দিয়াৰ বাতৰি বিয়পি পৰাৰ লগে লগে কৈলাশপুৰ  অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Related News