NORTHEAST NOW (Assamese)

মাজুলীত বনৰীয়া হাতীৰ গছকত প্ৰাণ গ’ল দুগ্ধ পালকৰ

October 1, 2018 12:45 pm · মিটু খাটনিয়াৰ
Updated: October 1, 2018 12:46 pm
প্ৰতিনিধিত্বমূলক ফটো

জাকৰ পৰা ফালৰি কাটি অহা এটা বনৰীয়া হাতীয়ে মাজুলীৰ চাপৰি অঞ্চলত তাণ্ডৱ সৃষ্টি কৰি দেওবাৰে নিশা চাপৰিৰ কেইবাটাও ম’হৰ খুটি ভাঙি লণ্ডভণ্ড কৰাৰ উপৰি এজন দুগ্ধ পালকক গছকি হত্যা কৰে।

উল্লেখযোগ্য যে দেওবাৰে নিশা জাকৰ পৰা ফালৰি কাটি অহা হাতীটোৱে মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ টিকিৰাই চাপৰিৰ নামনিৰ কুমলিয়া চাপৰিত তাণ্ডৱ চলাই কেইবাটাও ম’হৰ খুটি ভাঙি নষ্ট কৰে।

ইয়াৰ মাজতে হাতীটোৱে এটা খুটি ভাঙোতে হাতীৰ গছকত খুটিত শুই থকা এজন দুগ্ধ পালকৰ মৃত্যু হয়। দুগ্ধ পালকজন মাজুলীৰ দক্ষিণপাট কলিতা গাঁৱৰ নাহৰ কলিতা (৪০) বুলি জানিব পৰা গৈছে।

আনহাতে একেটা খুটিতে আন তিনিজন লোকে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ইফালে নাহৰ কলিতাৰ এনেদৰে হাতীৰ গছকত মৃত্যু হোৱাত স্থানীয় অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

ইতিমধ্যে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হয় যদিও হাতীটোক বৰ্তমালৈকে খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই।

Related News