NORTHEAST NOW (Assamese)

ক’ৰ’না নাই, স্বামীক মই পথৰ ওপৰতে চুম্বন কৰিম! আৰক্ষীক ধমক মহিলাৰ, ক’ত? চাওঁক ভিডিঅ’

April 19, 2021 3:59 pm · এন ই নাও নিউজ
Updated: April 19, 2021 4:02 pm

ক’ৰ’নাৰ সংহাৰে দেশবাসীক চিন্তিত কৰাৰ সময়তে এতিয়াও বহু লোকে ক’ৰ’নাক সহজ ভাবেই লৈ আছে।

ক’ৰ’নাক সহজ ভাবে লোৱা এইসকল লোকে মাস্ক পৰিধান নকৰি নিজৰ লগতে আনৰ বাবেও বিপদ মাতি আনিছে।

শেহতীয়াকৈ মাস্ক পৰিধান নকৰি আৰক্ষীৰ ৰোষত পৰা এগৰাকী মহিলাই ওলোটাই আৰক্ষীকে উভতি ধৰাৰ ভিডিঅ’ই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ক’ৰ’নাই মহা সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ দিল্লীত ঘোষণা কৰা হৈছে কাৰ্ফিউ । দিল্লীত কেৱল জৰুৰী সেৱাৰ বাহনহে বাহিৰলৈ ওলোৱাৰ অনুমতি দিয়া হৈছে।

বিশেষ কাৰণত বাহিৰলৈ যাবলগীয়া হ’লে সাধাৰণ জনতাই ই-পাছ লোৱাটো বাধ্যতামূলক কৰা হৈছে।

এনে সময়তে আজি এগৰাকী মহিলাই তেওঁৰ স্বামীৰ সৈতে বিলাসী গাড়ীৰে ওলাই আহিছিল বাহিৰলৈ।

https://www.youtube.com/watch?v=OhUjZuvMR6w

দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলত আৰক্ষীয়ে মহিলাগৰাকীয়ে উঠি অহা বাহন খন ৰখোৱাৰ পিছতে মহিলাগৰাকী খঙত অগ্নি শৰ্মা হৈ পৰে।

ক’ৰ’না ক’ত আছে বুলি মহিলাগৰাকীয়ে আৰক্ষীক প্ৰশ্ন কৰে আৰু স্বামীক তেওঁ ৰাজপথতে চুম্বন কৰি দেখুৱাব বুলিও কয়।

এই কাৰ্যত আৰক্ষীয়ে কিদৰে তেওঁক বাধা দিয়ে সেয়া তেওঁ চাই ল’ব বুলিও কয়।

মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীক পিছত আৰক্ষীয়ে মাস্ক নিপিন্ধা আৰু গাড়ীত ই-পাছ নথকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

Related News