NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বিহুৰ দিনাই বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ

Posted by: এন ই নাও নিউজ January 15, 2019 12:49 pm
WildElephant

আজি বিহুৰ দিনাই চামগুৰিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। দীৰ্ঘদিনৰ পৰাই বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চামগুৰি অঞ্চলত আজি পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে মৃত্যুক আঁকোৱালি লোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে চামগুৰিৰ ভৰাগুৰিত সংঘটিত হৈছে ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন ২নং ভৰাগুৰিৰ টেম্বা ওৰাং বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হয় যদিও স্থানীয় লোকে বন বিভাগৰ লোকক আৱদ্ধ কৰি ৰাখে। স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে এই অঞ্চলটোত দিনে দিনে বনৰীয়া হাতীৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ পাছতো বিভাগটোৱে হাতী খেদি পঠোৱাৰ ক্ষেত্ৰত গাঁওবাসীসকলৰ সৈতে কোনো সমন্বয় ৰক্ষা কৰা নাই।

উল্লেখ্য যে মানুহে হাতীৰ আৱাসভূমিত বেদখল কৰা আৰু আন আন কাৰণত হাতীৰ আৱাসভূমি সংকুচিত হৈ আহিছে আৰু তাৰ লগে লগে সমান্তৰালভাৱে অসমত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক আৱাসভূমি সংকুচিত হৈ অহাৰ ফলত সৃষ্টি হোৱা হাতী মানুহৰ সংঘাতে বহু মানুহৰ লগতে বনৰীয়া হাতীয়েও মৃত্যুবৰণ কৰিব লগীয়া হোৱাটো সমাজৰ বাবে এক গভীৰ সমস্যা হিচাপে থিয় দিছে।