NORTHEAST NOW (Assamese)
অসম

দোলগোমাত নিশা বিধ্বংসী অগ্নিকাণ্ড: ভস্মীভূত হ’ল প্ৰায় ১৫টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

Posted by: নীলমনি শৰ্মা Updated by: নীলমনি শৰ্মা April 10, 2020 7:03 am
Screenshot_2020-04-10-00-18-04-836_com.mxtech.videoplayer.ad

গোৱালপাৰাৰ দলগোমাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড ৷ বুদুচৰৰ দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড৷

এই ভয়ংকৰ অগ্নিকাণ্ডটোত প্ৰায় ১৫ টাকৈ সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মীভূত হয় ৷

এখন চাহৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা হঠাৎ দৈনিক বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত দপদপকৈ জুই জ্বলি উঠে। লগে লগে অঞ্চলটোত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতেই অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়া হয়। ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও সেই সময়লৈকে প্ৰায় ১৫টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ছাই হৈ যায়।

শ্বৰ্ট-চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি নি:শেষ হৈ যায়।

ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হোৱাৰ পাছত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷