NORTHEAST NOW (Assamese)
অসম

কোভিডৰ প্ৰকৃত উৎপত্তিস্থল সম্বন্ধে ভালকৈ জানিবলৈ বছৰৰ প্ৰয়োজন হ’ব; বিশ্ব স্বাস্থ্য সংস্থাৰ দলৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2021 11:49 am
কোভিডৰ প্ৰকৃত উৎপত্তিস্থল সম্বন্ধে ভালকৈ জানিবলৈ বছৰৰ প্ৰয়োজন হ’ব; বিশ্ব স্বাস্থ্য সংস্থাৰ দলৰ মন্তব্য

কোভিডৰ উৎপত্তিস্থল বিচাৰি চীনৰ য়ুহান প্ৰদেশ ভ্ৰমণত থকা বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে কোভিডৰ উৎপত্তিস্থল সম্বন্ধে মত প্ৰকাশ কৰিছে।

‘কোভিডৰ প্ৰকৃত উৎপত্তিস্থল সম্বন্ধে জানিবলৈ হ’লে বহু বছৰৰ প্ৰয়োজন হ’ব,’ বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ দলটোৰ এগৰাকী সদস্যই এইদৰে কয়।

চীনৰ য়ুহান প্ৰদেশত উপস্থিত হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে প্ৰথমে য়ুহানৰ চিকিৎসালয়ত উপস্থিত হৈছিল য’ত বিশ্বৰ প্ৰথম কোভিডৰ চিকিৎসা প্ৰদান কৰা হৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত দলটোৱে ক্ৰমে য়ুহানৰ সাগৰীয় বজাৰ আৰু য়ুহানৰ ভাইৰাছ পৰীক্ষাগাৰ পৰিদৰ্শন কৰিছিল।

বিশেষজ্ঞৰ দলটোৱে প্ৰথমে চীনত বাধ্যতামূলক দুসপ্তাহৰ কোৱাৰেণ্টাইন কালো সমাপ্ত কৰে।

উল্লেখযোগ্য যে, বিশ্বৰ বহু দেশে কোভিড ভাইৰাছ চীনৰ পৰীক্ষাগাৰৰ পৰা সংক্ৰমিত হোৱা বুলি দাবী কৰি এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসন্ধান বিচাৰিছিল।