NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ সাপজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা : ২ যুৱক নিহত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 23, 2021 5:46 pm
Road accident

বোকাখাত নগৰৰ নাতিদুৰৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ যোৱা নিশা সংঘৰ্টিত এক শোকাৱহ পথ দুৰ্ঘটনা।

ভয়ংকৰ দুৰ্ঘটনাটোত দুজন যুৱকৰ মৃত্যু হয়৷

জানিব পৰা মতে মংগলবাৰৰ মাজ নিশা বোকাখাত মহকুমাৰ নুমলীগড়ৰ দুই যুৱক ক্ৰমে অমৃত ছেত্ৰী আৰু দীপক দৰ্জীয়ে এখন স্কুটিৰে গৈ থাকোতে সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথতে ৰখাই থোৱা এন এল ০২ কিউ ৫৫৫৭ নম্বৰৰ এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়৷

দুৰ্ঘটনাটোত দুই স্কুটি আৰোহী গুৰুত্বৰভাৱে আহত হয়৷ আহত যুৱকদ্বয়ক ততাতৈয়াকৈ বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়ত চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।