NORTHEAST NOW (Assamese)

নিজৰ দক্ষতাৰে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা হিমা এতিয়া সকলোৰে আদৰ্শ : মুখ্য মন্ত্ৰী সোণোৱাল

September 13, 2018 11:00 am · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ফাইল ফটো

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি উক্ত অঞ্চলত অতি শীঘ্ৰে এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে বুধবাৰে নসত্ৰৰ কৃষ্ণগুৰু স্প’ৰ্টছ ক্লাবৰ দ্বাৰা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় খেলপথাৰত আয়োজিত বিষ্ণুজ্যোতি ফুটবল ট্ৰফী-২০১৮ৰ চূড়ান্ত খেল শুভ উদ্বোধন কৰি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে এই কথা কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে গ্ৰাম্যাঞ্চলৰ এনেকুৱা ফুটবল প্ৰতিযোগিতাসমূহে স্থানীয় প্ৰতিভা বিকাশ, যোগ্যতা, শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে এক প্ৰতিযোগিতামুখী মানসিকতাৰ সৃষ্টি কৰে।

ভাষণ প্ৰসংগত তেওঁ আৰু কয়- ‘খেলৰ জৰিয়তে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। আমিও আমাৰ গাঁও তথা চহৰৰ খেলৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন, নৱ প্ৰজন্মৰ প্ৰতিভা চিনাক্ত কৰি আৰু আধুনিক ধ্যান-ধাৰণাৰে প্ৰশিক্ষিত কৰি ভাল খেলুৱৈৰ সৃষ্টি কৰিব লাগিব’।

আনহাতে উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰী সোণোৱালে সদ্য সমাপ্ত এছিয়ান গেইমছত ভাৰত তথা অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হোৱা হিমা দাসৰ কথাও উল্লেখ কৰা দেখা যায়। পিছ পৰা গাঁৱত জন্ম গ্ৰহণ কৰিও কঠোৰ সাধনা আৰু শৃংখলাবদ্ধতাৰে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হিমা এতিয়া নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা তথা আদৰ্শ।

মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে বুধবাৰৰ অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়কসকল ক্ৰমে অশোক শৰ্মা, গুণীন দাস, জাকিৰ হুছেইন চিকদাৰ, আব্দুল খালেক, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ তৰুণ চন্দ্ৰ বৰা, আধ্যাত্মিক গুৰু প্ৰেমানন্দ প্ৰভু, কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকা, জিলা উপায়ুক্ত প্ৰমুখ্যে বহুতো গণ্য মান্য বক্তি উপস্থিত আছিল।

Related News