NORTHEAST NOW (Assamese)
অসম

টংলাত এছএছবি ৩৭ বেটেলিয়নৰ পৃষ্ঠপোষকতাত ছাগলী পালন প্ৰশিক্ষণ শিবিৰ

Posted by: ছাজিদ খান September 13, 2018 9:45 am
goat-ssb-570x320

ওদালগুৰিৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (Rural Self Employment Training Institution আৰ্থাৎ RSETI) অন্তৰ্গত মঙলদৈৰ এছএছবি ৩৭ বেটেলিয়নে এটা ১০ দিনীয়া ছাগলী পালনৰ ওপৰত স্ব-নিয়োজন প্ৰশিক্ষণ শিবিৰ আৰু সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰিছে। ভাৰত-ভুটান সীমান্তৱৰ্তী এলেকাত বাস কৰা জনসাধাৰণৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

শিক্ষিত নিবনুৱাৰ মাজত নিবনুৱাৰ সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।

সীমান্ত এলেকাৰ নিৰ্বাচিত ৪গৰাকী যুৱকে প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰিছে।

স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক তপন বসুমতাৰী আৰু জেষ্ঠ সহায়ক জিতু ডেকা আৰু এছএছবি ৩৭ বেটেলিয়নৰ কামাণ্ডেণ্ট এমডি তামাঙৰ উপস্থিতিত এই প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰিছে এঅ’ এছএছবি, ওদালগুৰিৰ  যুটীয়া এলেকা আয়োজক প্ৰসেনসিৎ কোচে।

আশা কৰা গৈছে যে ছাগলী পালনৰ ক্ষেত্ৰত আধুনিক পদ্ধতি অৱলম্বন কৰি জনসাধাৰণক অৰ্থনৈতিক স্বাৱলম্বী কৰি তোলাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিৰ ভেটীও সুদৃঢ় কৰিব পৰা যাব।