NORTHEAST NOW (Assamese)

যোৰহাটৰ নিমাতি ঘাটত পুনৰ এক অঘটন; কন্যাসহ আত্মহত্যাৰ চেষ্টা মাতৃৰ

February 7, 2022 7:01 am · এন ই নাও নিউজ, টীয়ক
ফটো: নৰ্থইষ্ট নাও।

যোৰহাটৰ নিমাতি ঘাটত দেওবাৰে পুনৰ এক অঘটন সংঘটিত হয়।

কন্যা সহ এগৰাকী মাতৃয়ে নিমাতি ঘাটত আত্মহত্যাৰ চেষ্টা চলায়।

এছডিআৰএফে স্থানীয় যুৱকৰ সহায়ত বহ্মপুত্ৰৰ বুকুৰ পৰা মাতৃ গৰাকীক উদ্ধাৰ কৰে।

বৰ্তমানেও বহ্মপুত্ৰৰ বুকুত সন্ধানহীন ৮ বছৰীয়া কন্যাগৰাকী।

ইপিনে, এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখে।

মানুহগৰাকীৰ  নাম জুনমনি বাৰিক আৰু ঘৰ গৰখীয়া দল কুহুম জুগনীয়া গাঁৱত বুলি জানিব পৰা গৈছে।

আনহাতে, ছোৱালীজনীৰ বয়স ৮ বছৰ আৰু নাম পিংকী প্ৰিয়া বাৰিক।

Related News