NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ৩ দিনীয়া সমূহীয়া কৰ্কট পৰীক্ষা আৰু সজাগতা শিবিৰ সম্পন্ন

Posted by: অভিক চক্ৰবৰ্তী September 7, 2018 5:13 pm
Cancer-screening-570x320

আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় জিলা চিকিৎসা সেৱা, প্ৰতিশ্ৰুতি ডিব্ৰুগড় আৰু ডিব্ৰুগড় আছুৰ যুটীয়া উদ্যোগত ডিব্ৰুগড়ত এটা কৰ্কট পৰীক্ষা শিবিৰ সম্পন্ন হৈ যায়।

এই শিবিৰটো ছেপ্টেম্বৰৰ ৫ৰ পৰা ৭ তাৰিখলৈ চলিছিল। এই শিবিৰত মুখগহ্বৰ, স্তন আৰু নিম্ন গৰ্ভাশয়ৰ কৰ্কট (cervical cancer) পৰীক্ষা কৰা হৈছিল। মুঠ ৪৩৩টা পৰীক্ষাৰ ভিতৰত ৪৭টা নমুনাত সন্দেহজনক সংক্ৰমিত কোষ ধৰা পৰে আৰু সেই সমূহৰ বিতং পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সংক্ৰমণৰ সন্দেহত থকা ব্যক্তিসকলৰ পৰৱৰ্তী পৰীক্ষা আৰু চিকিৎসা প্ৰস্তুতি ডিব্ৰুগড় আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে সম্পন্ন কৰিব।

ৰোগ নিৰাময়তকৈ আগতীয়াকৈ ধৰা পেলোৱা আৰু কৰ্কটৰ বিষয়ত সজাগতা বৃদ্ধিয়ে ৰোগীৰ জীয়াই থকাৰ সুযোগ বৃদ্ধি কৰে। সেয়েহে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে সম মানসিকতাসম্পন্ন সংস্থাৰ সৈতে লগ লাগি সজাগতা বৃদ্ধি কৰা আৰু আগতীয়াকৈ ৰোগটো ধৰা পেলোৱাৰ বাবে নিয়মীয়াকৈ সমুহীয়া পৰীক্ষাৰ ব্যৱস্থা কৰিব।

এই শিবিৰলৈ ৰাইজে ইতিবাচক সঁহাৰি জনাইছে। পৰীক্ষা শিবৰত যোগ দিয়া ব্যক্তিসকলক কৰ্কটৰ বিষয়ত সজাগ কৰাৰ লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰোৱা হৈছিল।

অসম চিকিৎসা মহাবিদ্যালয়ৰ নোডেল অফিচাৰ ড০ গায়ত্ৰী গগৈয়ে কৈছে, ‘‘এই ৩টা কেম্পত চেগাচেৰেকাকৈ সম্পন্ন কৰা পৰীক্ষা কেইটাই সমূহীয়া পৰ্যায়ত কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ ওপৰত এটা প্ৰায়োগিক অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। এই অভিজ্ঞতাই স্থানীয় পৰ্যায়ৰ সমল ব্যৱহাৰ কৰি বিভিন্ন সংস্থাৰ লগ লাগি সমূহীয়া পৰ্যায়ত কৰ্কট পৰীক্ষাৰ ভৱিষ্যতৰ কাৰ্যপন্থা উন্নত কৰাত আমাক সহায় কৰিব।