ফাঁচিৰ ৰায়ত সন্তুষ্টি বটদ্ৰৱাবাসীৰ; কিশোৰীগৰাকীৰ পিতৃক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ জাকিৰৰ পৰিয়ালৰ বিৰুদ্ধে

বটদ্ৰৱাৰ লালুং গাৱঁৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়া জঘন্য কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক আজি নগাওঁ জিলা আৰু সত্ৰ ন্যায়ালয়ে ফাঁচিৰ ৰায় দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ সকলো ৰাইজে। ইফালে আদালতখনৰ অধিবক্তসকলেও এই ৰায় দৃষ্টান্তমূলক আৰু আদৰণীয় বুলি অভিহিত কৰিছে।
আনহাতে বৰ্তমান জেইলত থকা লম্পট জাকিৰ হুছেইনৰ আত্মীয়ই কিশোৰীগৰাকীৰ পিতৃক হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ উঠিছে। আজি ৰায়দানৰ প্ৰাকমুহূৰ্তত জাকিৰৰ পৰিয়ালৰ লোকে লালুং গাৱঁৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কিশোৰীগৰাকীৰ দেউতাকক হত্যাৰ ভাবুকি দিয়ে বুলি অভিযোগ উঠিছে।
উল্লেখযোগ্য যে জাকিৰ হুছেইনে লগৰ দুজন সহযোগীৰ সৈতে মিলি যোৱা ২৩ মাৰ্চত স্কুলৰ পৰা আহি থকা অৱস্থাত ধনিয়াভেটিৰ লালু গাৱঁৰ নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ পিছত গাত কেৰাচিন ঢালি জ্বলাই দিছিল।
ঘটনাটোৱে গোটেই ৰাজ্যজুৰি তীব্ৰ জোকাৰনি সৃষ্টি কৰাৰ পিছত নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ নেতৃত্বত গঠিত বিশেষ তদন্তকাৰী দলে তৎপৰতাৰে অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল। লগতে অগ্ৰাধিকাৰ ভিত্তিক তদন্তৰে আদালতত বিস্তৃত অভিযোগনামা দাখিল কৰিছিল।
ইয়াৰ পিছতে ফাষ্ট ট্ৰেক আদলতত যোৱা ৫ মাহত মুঠ ৪জন লোকৰ সাক্ষ্য লৈ নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে আজি মূল অভিযুক্ত জাকিৰৰ ফাঁচিৰ ৰায় দিয়ে।