NORTHEAST NOW (Assamese)
Popular Stories

ভাতৃত্ববোধ! কভিডত মৃত্যু হোৱা হিন্দুধৰ্মী লোকৰ সৎকাৰ সমাপন কৰিলে মুছলিম যুৱকে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2021 3:29 pm
onavirus_1

দেউতাকৰ মৃত্যু হৈছিল ক’ভিডত আক্ৰান্ত হৈ।

কিন্তু দেউতাকৰ মৃতদেহটো সৎকাৰ কৰাত পুত্ৰই কোনো আগ্ৰহ প্ৰকাশ নকৰিলে।

তাৰ কাৰণটো হৈছে ক’ভিডত মৃত্যু হোৱা বাবে সৎকাৰ কৰিবৰ বাবে কোনো লোক আগবাঢ়ি অহা নাই।

শেষত এটা সংগঠনে সৎকাৰ কৰিবলৈ আগবাঢ়ি আহিল।

সৎকাৰত মুখ্য ভূমিকা ল’লে এজন মুছলিম যুৱকে।

বিহাৰৰ দ্বাৰভাঙাত সংঘটিত হৈছে এই ঘটনা।

এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, দেউতাকৰ মৃত্যু হোৱাৰ পাছত পুত্ৰই আবেদন কৰে যে কোনো লোক সৎকাৰৰ বাবে আগবাঢ়ি অহা নাই।

তাৰপাছতে তেওঁ নিজৰ ফোনো বন্ধ কৰি থয়।

যাৰ ফলত দ্বাৰাভাঙা ডিএমচিএইচ হস্পিতাল কৰ্তৃপক্ষৰ মাজত হুৱা-দুৱা লাগে।

জনা গৈছে, দেউতাকৰ উপৰিও পুত্ৰৰ মাতৃকে ধৰি পৰিয়ালৰ সকলো সদস্য কৰোণাত আক্ৰান্ত হৈ আছে।

হস্পিতাল কৰ্তৃপক্ষই স্থানীয় এটা সংস্থা ‘কবীৰ সেৱা প্ৰতিষ্ঠান’ক খবৰ দিয়ে।

প্ৰতিষ্ঠানটোৱে মৃতদেহটো চমজি লয়।

মাজৰাতি মৃতদেহটো সৎকাৰ কৰে।

কেৱল মুছলিমেই নহয়, প্ৰতিষ্ঠানটোৰ হিন্দু সদস্যসকলো তাত যোগদান দিয়ে।

হিন্দু-মুছলিমৰ এই ভাতৃত্ববোধে সকলোৰে হৃদয় চুই গৈছে।