NORTHEAST NOW (Assamese)

এখন নতুন অসমীয়া চিনেমা ‘তাৰিখ’ৰ কিছু কথাৰে

August 29, 2025 3:51 pm · ৰিমলী বৰকটকী

তাৰিখ ছবিখনৰ নামটোৰ বৰ্তমান ন-কৈ পৰিচিতি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। গত ২২ আগষ্ট তাৰিখে মুক্তিলাভ কৰা তাৰিখ ছবিখন বৰ্তমান অসমৰ কিছু তাকৰীয়া ছবিগৃহত চলি আছে। ছবিখনৰ পৰিচালনা কৰিছে হিমজ্যোতি তালুকদাৰে। সমন্বিতে চিত্ৰনাট্য লিখিছে হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপে। ছবিৰ প্ৰযোজনা অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড° মুক্তিষ্মান হাজৰিকাৰ।

ছবিৰ আৰম্ভণি হয়,অৱসৰপ্ৰাপ্ত অধ্যাপক দুৰ্লভ দত্ত(অৰুণ নাথ)ৰ পুৱাৰ পৰা আৰম্ভ হোৱা দিনচৰ্যাৰে। পুৱাৰ চাহকাপ লৈ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখে আৰু দিবলৈ যায় আৰক্ষী থানাত। ৩০ অক্টোবৰ,২০০৮ ৰ পিছত যদিওবা সময়,তাৰিখ সলনি হয়,দুৰ্লভ দত্তৰ বাবে সময় আৰু তাৰিখ ১৩ বছৰ আগতেই থমকি ৰয়। অৰ্থাৎ মানসিকভাৱে তেওঁ সেই সময় বা তাৰিখতেই থাকে। তেনেকৈয়ে এদিন তেওঁ সাংবাদিক অনুৰণৰ দৃষ্টিলৈ আহে। ছবিখনৰ প্ৰথমাৰ্দ্ধৰ গতি যথেষ্ট মন্থৰ। আনহাতে দ্বিতীয়াৰ্ধৰ গতি ক্ষীপ্ৰ আৰু মনোগ্ৰাহী। অনুৰণৰ সংস্পৰ্শলৈ অহাৰ পিছত দুৰ্লভ দত্তৰ জীৱনলৈ অহা পৰিৱৰ্তনৰেই বাকী ছবিখন আগবাঢ়ে। সাংবাদিক অনুৰণৰ পত্নীৰ লগত টেলিফোনিক বাৰ্তালাপত খোৱা-বোৱাৰ কথা অধিক পতা যেন অনুভৱ হল। ছবিখনৰ মনোগ্ৰাহী দিশসমূহৰ এটি হৈছে ইয়াৰ চৰিত্ৰ নিৰ্বাচন। আন এটি দিশ হৈছে অনিৰুদ্ধ বৰুৱাৰ চিত্ৰগ্ৰহণৰ দিশটি। তাৰিখত উপস্থাপন কৰা মানসিক স্বাস্থ্যৰ দিশটি খুবেই প্ৰশংসনীয়। পিছে PTSD (post traumatic stress disorder) সম্পৰ্কে সাধাৰণ দৰ্শক কিমানদূৰ সচেতন হ,তাক লৈ সন্দেহৰ থল আছে। কাৰণ আমাৰ সমাজত ডিপ্ৰেছন, এংজাইতীকে আদি কৰি গতানুগতিক মানসিক ৰোগবোৰৰে তেনে বোধগম্যতা নাই। তথাপি,এনে উপস্থাপনক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটোক নিশ্চয় প্ৰশংসা কৰিব লাগিব। তৰালি শৰ্মাৰ সংগীত পৰিচালনাৰ দিশটি ভাল লগা।

তাৰিখৰ আটাইতকৈ ভাল লগা অংশ নিৰৱ অথচ সশব্দ অভিনয় অৰুণ নাথৰ। দুৰ্লভ দত্তৰ ভূমিকাত তেওঁৰ অভিনয়ে ছবিখন তুলি ধৰিছে। বলোৰাম দাসৰ অভিনয়ো নিজ ভূমিকাত অনবদ্য। একেদৰে কুল কুলদীপৰ অভিনয়ো। স্বাগতা ভৰালীৰ অভিনয়ো স্বাভাৱিক। তাৰিখৰ অন্তিম অংশ অপ্ৰত্যাশিত হোৱাৰ বাবে অধিক ভাললগা হৈ উঠে।

-ৰিমলী বৰকটকী।
Mail-rimli.borkotoky1985@gmail.com

Related News