NORTHEAST NOW (Assamese)
Popular Stories

পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2024 8:56 am

পুৰুষ জাতিটো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব পাৰে! ‘প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছ’ৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে। তেওঁলোকৰ মতে, এক নতুন অধ্যয়নত এই বিলুপ্তিৰ আভাস পোৱা গৈছে। পুৰুষৰ ওপৰত হোৱা কিছুমান দুৰ্যোগৰ বাবে এনে নহয়, ক্ৰম’জমৰ পৰিৱৰ্তনহে ইয়াৰ বাবে দায়ী।

মানুহৰ লিংগ নিৰ্ণয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক মানুহৰ শৰীৰৰ কোষত থকা X আৰু Y ক্ৰম’জম দুটাত ব্যাপক পৰিৱৰ্তন ঘটিব পাৰে। Y ক্ৰম’জমটো নিজেই নোহোৱা হৈ যাব পাৰে। এই Y ক্ৰম’জমটোৱেই হৈছে পুৰুষৰ লিংগ নিৰ্ধাৰণকাৰী ক্ৰম’জম। Y ক্ৰম’জম ক্ৰমান্বয়ে কমি আহিছে। যদি এই ক্ৰম’জমবোৰ কমি গৈ নোহোৱা হৈ যায় তেন্তে পৃথিৱীত আৰু পুৰুষ প্ৰজাতি নাথাকিব।

জীৱবিজ্ঞানৰ জগতখনত স্তন্যপায়ী প্ৰাণীৰ মাইকী প্ৰাণীৰ দুটা এক্স ক্ৰম’জম আৰু পুৰুষৰ এটা এক্স আৰু এটা ৱাই ক্ৰম’জম থাকে। মানুহৰ ক্ষেত্ৰতো একেই কথা। এতিয়া এই এক্স ক্ৰম’জমত কমেও ৯০০টা জিন থাকে, যিবোৰে নাৰী লিংগ পৰিচয় গঠনত কাম কৰে। আনহাতে Y ক্ৰম’জমত মাত্ৰ ৫৫টা জিন থাকে, যিবোৰে ভ্ৰূণত পুৰুষৰ বৈশিষ্ট্য বিকশিত কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই Y ক্ৰম’জমৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে।

লগতে পঢ়কঃ অমানৱীয়! বিজেপি শাসিত মধ্যপ্ৰদেশত দলঙৰ পৰা নদীত পেলাই দিয়া হ’ল ৫০টা গৰু, অধিকাংশৰে মৃত্যু

মেলবৰ্ণৰ জিন বিজ্ঞানী অধ্যাপিকা জেনিফাৰ গ্ৰেভছে এই গৱেষণাৰ ব্যাখ্যা কৰি কয় যে বিগত ১৬.৬ কোটি বছৰত মানুহ আৰু প্লেটিপাছ উভয়েই ৱাই ক্ৰম’জমত ৫৫ৰ পৰা ৯০০টা সক্ৰিয় জিন হেৰুৱাইছে। এই ক্ষতিৰ পৰিমান সংখ্যাৰ হিচাপত প্ৰতি ১ মিলিয়ন বা ​​১০ লাখ বছৰৰ ভিতৰত বছৰি প্ৰায় পাঁচটা। ফলস্বৰূপে যদি এই হাৰত জিন ক্ষয় চলি থাকে তেন্তে অহা ১ কোটি ১০ লাখ বছৰত শেষৰ ৫৫টা জিনও হেৰাই যাব।

তেওঁৰ ভাষাত ‘বেছিভাগ ৱাই ক্ৰম’জম পুনৰাবৃত্তিমূলক ‘জাংক ডি এন এ’ৰে গঠিত, যিটো অস্থিৰ আৰু দুৰ্বল গঠনৰ। এই কাৰণেই Y ক্ৰম’জম ক্ৰমান্বয়ে নিজৰ অস্তিত্ব বজাই ৰখাত পিছুৱাই গৈছে । এনেকৈ থাকিলে  আগন্তুক সময়ত Y ক্ৰম’জমৰ অস্তিত্ব আৰু নাথাকিব।

এইদৰে ৱাই ক্ৰম’জম সম্পূৰ্ণৰূপে হেৰাই গ’লে কি হয় সেয়া বুজিবলৈ বিজ্ঞানীসকলে ইতিমধ্যে ৱাই ক্ৰম’জম হেৰুৱাই ভৱিষ্যতেও জীয়াই থকা দুটা এন্দুৰৰ বংশ বিশ্লেষণ কৰিছিল। হোকাইডো বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী আছাটো কুৰোৱাৰ নেতৃত্বত চলা এই অধ্যয়নত দেখা গৈছে যে মাইকী এন্দুৰৰ গোটবোৰ যথেষ্ট গৌৰৱান্বিত। কেৱল সেয়াই নহয়, ৱাই ক্ৰম’জম নোহোৱা হোৱাৰ আগতেই তেওঁলোকে এটা নতুন ক্ৰম’জম সৃষ্টি কৰিছিল, যিটো মতা এন্দুৰৰ জন্মৰ বাবে প্ৰয়োজনীয়।

লগতে পঢ়কঃ বৃদ্ধি কৰিব খুজিছে নেকি ৰোগ প্ৰতিৰোধ ক্ষমতা? প্ৰিয়জনক সাৱটি ধৰিলেই পাব সুফল

মানুহৰ লগত এনেকুৱা কিবা এটা হ’লে ভাল, নহ’লে ভৱিষ্যতৰ পৃথিৱীখন নাৰী বাহিনীয়ে শাসন কৰিব। জিন বিৱৰ্তনৰ জৰিয়তে নতুন কোনো লিংগও সৃষ্টি হব পাৰে। কিন্তু সেয়া হ’বলৈ বহু দেৰি আছে। ১১ মিলিয়ন বছৰৰ মানে হ’ল ১ কোটি বছৰতকৈও অধিক সময়ৰ পাছতো এনেকুৱা হ’ব পাৰে। অৱশ্যে ইয়াৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন।