NORTHEAST NOW (Assamese)
অসম

মানৱতাক ভূলুণ্ঠিত কৰা ঘটনা; পথৰ দাঁতিত পেলাই থৈ গ’ল সদ্যজাত কন্যা দেৱ শিশু

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 11, 2021 7:47 am
new born baby

বাক্সাৰ তামুলপুৰত মানবতাক ভু লুন্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে ৷ সভ্য সমাজক লাজ্জনত কৰি কোনোৱে ৰাজপথত পেলাই থৈ গ’ল এটি সদ্যজাত শিশু কন্যা সন্তান।

তামুলপুৰৰ দিঘিলীপাৰ কালি মন্দিৰৰ সন্মুখত শনিবাৰে সন্ধিয়া ৬-৪৫ বজাত উদ্ধাৰ হয় এটা সদ্যাজাত শিশু কন্যা।

তামুলপুৰ সমূহীয়া চিকিৎসালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত উদ্ধাৰ হয় সদ্যজাত শিশুটি।

কিছু সময় আগতে পথৰ দাঁতিত কোনো অজ্ঞাত লোকে নিজৰ লজ্জা ঢাকিবৰ বাবে পেলাই থৈ যায় কন্যা দেৱ শিশুটিক ৷

সন্ধিয়া তামুলপুৰ-ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে এগৰাকী যুৱকে আহি থকা অৱস্থাত দেৱ শিশুটিৰ কান্দোন শুনা পায় আৰু  লোকজনে ইফাল সিফালে বিচাৰি   দেৱ শিশুটিক মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে যুৱক জনে শিশুটিক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

তামুলপুৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু চাইল্ড লাইনৰ লগত যোগাযোগ কৰিছে  চিকিৎসালয় কৰ্তৃপক্ষই।

কোনো লোকৰ ‘অবৈধ সম্পৰ্ক’ৰ ফলত জন্ম লোৱা আৰু নিজৰ লজ্জা ঢাকিবৰ বাবে এইদৰে দেৱ শিশু এটিক পথৰ দাঁতিত পেলাই থৈ যোৱা কাণ্ডক ধিক্কাৰ দিছে সচেতন ৰাইজে।