NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ পৰা অৱহেলিত শিল্পী টিংটঙলৈ বেচৰকাৰী সংগঠন ‘প্ৰজন্ম’ৰ সাহায্য

Posted by: উত্তম শইকীয়া March 3, 2019 9:44 pm
Tingtong

গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰজন্মই শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিল্পী গুৱাহাটীৰ সৰুমটৰীয়াৰ নিৱাসী টিংটঙক আজি এখন হুইলচেয়াৰ আৰু কাপোৰ প্ৰদান কৰে।

এই উপলক্ষে টিংটঙৰ সৰুমটৰীয়াৰ বাসগৃহত আয়োজিত এক অনুষ্ঠানত প্ৰজন্মৰ সভাপতি ৰিন্টু দুৱৰা, সম্পাদক সাগৰজ্যোতি হাজৰিকা, দিপাঙ্কৰ মৰাঙ আৰু সৌৰভ কাকতি উপস্থিত থাকে।

প্ৰজন্মৰ এই মহানুভৱতাৰ বিপৰীতে অভিনেতা টিংটঙে কয় যে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক আবেদন জনোৱাৰ পাছতো আজিলৈকে তেওঁ চৰকাৰৰ পৰা কোনো সহাঁৰি লাভ নকৰিলে। স্বাস্থ্য মন্ত্ৰীয়ে তেওঁক বিনামূলীয়া চিকিৎসা দিবৰ বাবে লিখি দিয়াৰ পাছতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ চিকিৎসাৰ বাবে ধন আদায় দিব লগা হয় বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ইফালে আজিৰ অনুষ্ঠানত টিংটঙে নিজৰ চকু হাল মৃত্যুৰ পাছত দান কৰিব বুলি ঘোষণা কৰাৰ লগতে অতি আক্ষেপেৰে কয় যে যদিহে তেখেত পশু হ’ল হেতেন তেন্তে চৰকাৰে সহায় কৰিলেহেতেন। কিন্তু মানুহ হোৱাৰ বাবেই তেওঁৰ এই অৱস্থা হোৱা বুলি অতি দুখেৰে কয়।

উল্লেখ্য যে বৰ্তমান সময়ত শিল্পী টিংটঙে অতি শোচনীয় অৱস্থাত জীৱন নিৰ্বাহ কৰি আছে ৷