NORTHEAST NOW (Assamese)
অসম

চহিদ মনেশ্বৰ বসুমতাৰীৰ কন্যাক বিষয়াৰ পদত নিযুক্তি

Posted by: এন ই নাও নিউজ March 3, 2019 10:28 pm
Appointment to Maneshwar Daughter

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰিত আত্মঘাতী বোমা বিস্ফোৰণত চহিদ হোৱা মনেশ্বৰ বসুমতাৰীৰ কন্যাক আজি নিযুক্তিপত্ৰ প্ৰদান কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

আজি তামুলপুৰৰ বাসগৃহত পতা মৃত জোৱানজনৰ আদ্যশ্ৰাদ্ধত উপস্থিত আছিল মুখ্য মন্ত্ৰী। আদ্যশ্ৰাদ্ধত উপস্থিত হৈ অস্থায়ী স্মৃতিসৌধত চহিদজনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে পৰিয়ালটোক সমবেদনা জনায় মুখ্য মন্ত্ৰী সোণোৱালে।

এই অনুষ্ঠানতে মনেশ্বৰ বসুমতাৰীৰ কন্যা দিদ্বমশ্ৰী বসুমতাৰীক মুখ্য মন্ত্ৰীজনে নিজহাতে নিযুক্তপত্ৰ দিয়ে। দিদ্বমশ্ৰীক পৰ্য্যটন সঞ্চালকালয়ত সহকাৰী পৰ্য্যটন তথ্য বিষয়া হিচাপে নিয়োগ কৰা হৈছে।

নিযুক্তিপত্ৰ প্ৰদানৰ সময়ত সাংসদ বিশ্বজিৎ দৈমাৰী, উপায়ুক্ত, আৰক্ষী অধীক্ষক, পৰ্য্যটন বিভাগৰ উচ্চ পদস্থ বিষয়াকে ধৰি অন্যান্যসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে চহিদজনৰ মৃতদেহ অনাৰ দিনটোতো পৰিয়ালটোৰ কাষত উপস্থিত আছিল মুখ্য মন্ত্ৰী সোণোৱাল।