NORTHEAST NOW (Assamese)
দেশ

চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথত ধৰ্ষণৰ বলি হ’ল নাৰ্চ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 16, 2024 3:40 pm

দেশত সংঘটিত হৈছে ইটোৰ পিছত সিটো ধৰ্ষণৰ ঘটনা। উত্তৰাখণ্ডত চিকিৎসালয়ৰ পৰা ওলাই ঘৰলৈ যোৱা পথত ধৰ্ষণৰ বলি হ’ল এগৰাকী নাৰ্চ।

জানিব পৰা মতে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

এই ধৰ্ষণৰ অভিযোগত উত্তৰ প্ৰদেশৰ বাৰেলীৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ ৰামপুৰৰত উদ্ধাৰ হৈছে নাৰ্ছগৰাকীৰ মৃতদেহ।

আৰক্ষীৰ মতে, অভিযুক্তই প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে নাৰ্ছগৰাকীৰ মূৰত আঘাত কৰি হত্যা কৰে আৰু অৰণ্যৰে আগুৰি থকা নিৰ্জন পথৰ কাষত নাৰ্ছগৰাকীৰ মৃতদেহ পেলাই দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা মাহৰ ৩০ তাৰিখে সংঘটিত হৈছিল এই ঘটনা। সেইদিনা মৃত নাৰ্চগৰাকীৰ ভগ্নীয়ে স্থানীয় থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল।

কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পথত নাৰ্ছগৰাকীৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ ভিত্তিত বৃহস্পতিবাৰে এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, অভিযুক্তই পেছাত দিন হাজিৰা কৰে।

গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ লগত আৰু কোনো লোক আছিল নেকি সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।