NORTHEAST NOW (Assamese)
দেশ

অন্য জাতিৰ প্ৰেমিকাক লৈ পলায়ন প্ৰেমিকৰ : মুক্তিপণ হিচাপে প্ৰেমিকৰ মাকক অপহৰণ কৰিলে প্ৰেমিকাৰ পৰিয়ালে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 16, 2024 4:45 pm
অন্য জাতিৰ প্ৰেমিকাক লৈ পলায়ন প্ৰেমিকৰ : মুক্তিপণ হিচাপে প্ৰেমিকৰ মাকক অপহৰণ কৰিলে প্ৰেমিকাৰ পৰিয়ালে

অন্য জাতিৰ প্ৰেমিকাক লৈ পলায়ন কৰিলে প্ৰেমিকে। তাৰপিছত প্ৰেমিকাক প্ৰেমিকাৰ কাষৰ পৰা ঘূৰাই অনাৰ বাবে প্ৰেমিকৰ মাকক অপহৰণ কৰিলে প্ৰেমিকাৰ পৰিয়ালে।

অৱশ্যে আৰক্ষীৰ সহায়ত প্ৰেমিকাৰ পৰিয়ালৰ পৰা মাতৃক উদ্ধাৰ কৰে প্ৰেমিকৰ পৰিয়ালে। শেষত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰেমিকৰ মাতৃক।

অৱশ্যে দুয়োজনক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে। জানিব পৰা মতে, তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ মোৰাপ্পপুৰৰ পৰা পলায়ন কৰে যুৱকজনে।

যুৱতীগৰাকীৰ বয়স ২৩ বছৰ। তেওঁ অন্যান্য পিছপৰা শ্ৰেণীৰ। আনহাতে ২৪ বছৰীয়া যুৱকজন অনুসূচিত জাতিৰ। দুয়োজনেই বাংগালুৰুত অধ্যয়ন কৰিছিল। দুয়ো বৰ্তমানৰ তাতেই কৰ্তব্যৰত।

কিন্তু বেলেগ বেলেগ জাতিৰ হোৱাৰ বাবেই দুয়োৰে পৰিয়ালে এই সম্পৰ্কত সন্মতি দিয়া নাছিল। যাৰ বাবে যোৱা মঙলবাৰে পলায়ন দুয়োৱে। ইয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে। দুয়োকে বিচাৰে আৰক্ষীয়ে অভিযান আব্যাহত ৰাখিছে।