NORTHEAST NOW (Assamese)
অসম

দুলীয়াজানত ISROৰ চন্দ্ৰযান-২ আৰ্হিত দুৰ্গা পূজা মণ্ডপ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 6, 2019 2:14 pm
IMG_20191006_111433

আজি মহা অষ্টমী। সমগ্ৰ ৰাজ্যৰ লগতে দুৰ্গতি নাশিনী দুৰ্গা দেৱীৰ বন্দনাৰে মুখৰিত তৈলনগৰী দুলীয়াজান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিদৰে আটক ধুনীয়াকৈ পূজাৰ মণ্ডপ সাজি চমক সৃষ্টি কৰিছে ঠিক তেনেদৰে দুলীয়াজানৰ কেইবাখনো পূজাৰ মণ্ডপে ভক্ত প্ৰেমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

দুলীয়াজানৰ মধুটিং সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ISROৰ চন্দ্ৰযান-২ আৰ্হিৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰি উলিয়াইছে।

ৰাজ্যৰ বিভিন্ন ঠাইত চন্দ্ৰযান-২ৰ আৰ্হিত পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে যদিও দুলীয়াজানৰ এই চন্দ্ৰযান সদৃশ দুৰ্গা পূজাৰ মণ্ডপ চাবলৈ অঞ্চলটোৰ বিভিন্ন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

IMG_20191006_111447
ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে, দুলীয়াজানৰে টিপলিং সাৰ্বজনীন পূজা সমিতিয়ে শেহতীয়াকৈ ৰাজ্যত কঠোৰ ভাৱে বলৱৎ হোৱা যান-বাহন আইনক গুৰুত্ব আৰোপ কৰি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ফটোসহ কেতবোৰ উপদেশ বাণীৰে দুৰ্গা মণ্ডপ নিৰ্মাণ কৰি প্ৰশংসা বুটলিছে।

‘অমূল্য জীৱন সুৰক্ষিত কৰি নিয়ন্ত্ৰিত গতিৰে চলাব গাড়ী, যান বাহনৰ সকলো নিয়ম বিধি চলিব মানি’, ‘হেলমেট পিন্ধি চলাব দুচকীয়া বাহন নহ’লে অথলে যাব জীৱন-যৌৱন’ ৷ ‘চিটবেল্ট লগাইহে সদায় চলাব গাড়ী, জীৱন বাটত যদিহে নিবিচাৰে কমা- দাড়ি’ ইত্যাদি সমূহ বাণী লিপিবদ্ধ কৰি ৰাইজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণৰ চেষ্টা চলাইছে।