NORTHEAST NOW (Assamese)
Popular Stories

১৪৯ বছৰৰ পিছত হ’ব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰগ্ৰহণ; কোন কোন স্থানৰ পৰা দেখা পাব এই চন্দ্ৰ গ্ৰহণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2019 4:06 pm

এটা দুটা বছৰ নহয় ১৪৯ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে দেখা পোৱা যাব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ। এই দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ দেখা পোৱা যাব ১৬ জুলাই আৰু ১৭ জুলাইত।

সূৰ্য গ্ৰহণৰ পিছতে বছৰটোৰ হ’ব লগীয়া দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ ১৬ জুলাইৰ পুৱতি নিশা ১.৩০ বজাৰ পৰা ১৭ জুলাইৰ পুৱা ৪.৩০ বজালৈকে হ’ব। সুদীৰ্ঘ ১৪৯ বছৰৰ পিছত দেখা পোৱা যাব দ্বিতীয়টো বৃহৎ চন্দ্ৰ গ্ৰহণ।

ভাৰতৰ সকলো স্থানৰ পৰাই এই আংশিক চন্দ্ৰ গ্ৰহণ আৰম্ভণিৰ পৰা শেষলৈকে দেখা পোৱা যাব। অৱশ্যে অৰুণাচলৰ উত্তৰ-পূব অংশৰ পৰা এই আংশিক চন্দ্ৰ গ্ৰহণ দেখা পোৱা নাযাব।

লগতে অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা, নিউজিলেণ্ড আদিৰ লগতে কাষৰীয়া কিছুমান দীপৰ পৰাও দেখা পোৱা যাব এই বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণটো।

উল্লেখযোগ্য যে ১৮৭০ চনত প্ৰথম বৃহৎ চন্দ্ৰ গ্ৰহণ দেখবিলৈ পোৱা গৈছিল ইয়াৰ পিছতে দ্বিতীয়টো বৃহৎ চন্দ্ৰ গ্ৰহণ চলিত বৰ্ষৰ ১৬ আৰু ১৭ জুলাইত দেখিবলৈ পোৱা যাব।