NORTHEAST NOW (Assamese)
Popular Stories

‘ইডিয়ে নাগৰিকৰ মৌলিক অধিকাৰৰ যত্ন ল’ব লাগে’- উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2025 6:04 pm

উচ্চতম ন্যায়ালয়ত পুনৰ তিৰস্কাৰৰ সন্মুখীন হৈছে ইডি! দুজন ন্যায়াধীশ বিচাৰপীঠে কয় যে ইডিয়ে নাগৰিকৰ মৌলিক অধিকাৰৰ যত্ন লব লাগে।

ইডিয়ে নিজেই দাখিল কৰা গোচৰৰ পৰাই এই বিতৰ্কৰ উৎপত্তি হৈছিল। ছত্তীশগড় নাগৰিক অপূৰ্বীনিগম (এনএন)ৰ দুৰ্নীতিৰ গোচৰটো ছত্তীশগড়ৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰাৰ দাবীত ইডিয়ে এক গোচৰ ৰুজু কৰিছিল। বিত্তীয় জালিয়াতিৰ তদন্তকাৰী সংস্থাই সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত এই গোচৰ ৰুজু কৰে। সেই লেখাটোত নাগৰিকৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ কথা কোৱা হৈছে।

উচ্চতম ন্যায়ালয়ে উত্থাপন কৰিলে সেই প্ৰশ্ন। শুকুৰবাৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে যে ইডিয়ে কিয় ৩২ নং ধাৰাত আবেদন দাখিল কৰিলে।উচ্চতম ন্যায়ালয়ৰ মন্তব্যত তেওঁলোকৰ ভুল উপলব্ধি কৰি ইডিৰ অধিবক্তা তথা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে গোচৰটো প্ৰত্যাহাৰ কৰিব বিচাৰিলে। যদিও আদালতত, তেওঁ কিছু ধেমালিতে তেওঁ কয়, ‘ইডিৰ মৌলিক অধিকাৰো থাকিব লাগে। সেই কথা শুনি ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিভাগীয় বিচাৰপীঠে কয় যে, ইডিৰ যদি মৌলিক অধিকাৰ আছে, তেন্তে ইডিয়েও যত্ন ল’ব লাগিব যে সাধাৰণ নাগৰিকৰো একেধৰণৰ মৌলিক অধিকাৰ আছে।’

দৰাচলতে ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে ইডিৰ ক্ষমতাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পিএমএলএ গোচৰৰ ১৯ ধাৰাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ে পূৰ্বে লক্ষ্য কৰিছিল যে আৰ্থিক জালিয়াতিৰ গোচৰত জামিন লাভ কৰাটো অতি প্ৰয়োজনীয়।