NORTHEAST NOW (Assamese)
Popular Stories

হাৰিয়ানাত কন্যাভ্ৰুণ আৰু শিশুকন্যা হত্যাৰ ৰমৰমীয়া বেহা চলাইছে দুষ্ট চক্ৰই, বিফল ৰাজ্য চৰকাৰ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2025 6:25 pm

‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৫ চনত হাৰিয়ানাৰ পানীপটত মোদীয়ে সেই ঘোষণা কৰিছিল।কিন্তু এখন তদন্তমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে যে পুত্ৰৰ আকাংক্ষাৰ বাবে হাৰিয়ানাত গণ নাৰী ভ্ৰুণহত্যা আৰু মহিলা কেঁচুৱা হত্যাৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এটা পৰিসংখ্যাই দেখুৱাইছে যে হাৰিয়ানাত পুৰুষ আৰু মহিলাৰ জন্মৰ অনুপাত দিনক দিনে কমি আহিছে। ২০১৯ চনত ১০০০ লৰাৰ জন্ম হোৱাৰ বিপৰীতে ৯২৩ গৰাকী ছোৱালীৰ জন্ম হয়। ২০২৪ চনত ছোৱালীৰ সংখ্যা আৰু হ্ৰাস পাই ৯১০ গৰাকী হয়।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান দ্য ইণ্ডিয়া টুডেৰ এক তদন্তমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে যে পূজা (নাম সলনি কৰা হৈছে) নামৰ দুগৰাকী কন্যা সন্তানৰ মাতৃক তৃতীয় সন্তান ছোৱালী হোৱাৰ বাবে গৰ্ভপাত কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। কিন্তু, পূজাই নিজৰ সকলো ভয়ক জয় কৰি শহুৰেকৰ ঘৰ এৰি সেই ছোৱালীজনীক জন্ম দিলে। এই গোচৰত হিছাৰৰ এগৰাকী চৰকাৰী চিকিৎসকে অবৈধ গৰ্ভপাতৰ দালাল উষা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ফৌজদাৰী আইনৰ অধীনত এফআইআৰ দাখিল কৰে।

পূজাৰ শহুৰেক আৰু ভ্ৰুণৰ লিংগ নিৰ্ণয় কৰা চিকিৎসকৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়। ইয়াৰ পাছতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি এটা টাস্ক ফৰ্চ গঠন কৰি এক বিস্তৃত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ১০৪ হেল্পলাইনত কমেও এগৰাকী কন্যা সন্তানৰ মাতৃ ৬২ হাজাৰ মহিলাক পৰামৰ্শ প্ৰদান কৰা হয়। আশা কৰ্মীসকলক ইতিমধ্যে কন্যা সন্তান জন্ম দিয়া গৰ্ভৱতী মহিলাৰ সৈতে নিয়মিতভাৱে মত বিনিময় কৰাৰ দায়িত্ব দিয়া হৈছে।

সফলভাৱে কন্যা সন্তান জন্ম দিয়াৰ বাবে চৰকাৰে ১০০০ টকীয়া পুৰস্কাৰ ঘোষণা কৰিছে। গৰ্ভাৱস্থা বা গৰ্ভপাতৰ চিকিৎসা বন্ধ কৰা ১৫০০ কেন্দ্ৰৰ ভিতৰত কমেও ৩০০ কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ ডি-লাইচেন্স বা বন্ধ কৰি দিয়া হৈছে। টাস্ক ফৰ্চৰ মুৰব্বীগৰাকীয়ে কয় যে ২৩টা গৰ্ভপাত কেন্দ্ৰলৈ জাননী জাৰি কৰা হৈছে আৰু গৰ্ভপাতৰ সঁজুলি যোগান ধৰা ১৭টা অনলাইন বিক্ৰেতাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। হাৰিয়ানা চৰকাৰে কেইবাগৰাকীও স্বাস্থ্য বিষয়া আৰু চিকিৎসক আৰু তেওঁলোকৰ সহযোগীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।