NORTHEAST NOW (Assamese)

শিৱসাগৰত মহিলা কনিষ্টবলক ধৰ্ষণৰ চেষ্টা; এজনক আটক

October 16, 2019 9:23 pm · পাৰ্শ্বজ্যোতি গগৈ
আটকাধীন অভিযুক্ত

শিৱসাগৰত আজি এগৰাকী মহিলা কনিষ্টবলক ধৰ্ষণৰ চেষ্টা কৰিবলৈ লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৰ্ষণৰ চেষ্টা চলোৱা লম্পট চৰিফুল আলীক ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে।

জানিব পৰা মতে অসম আৰক্ষীৰ ১১ নং বেটেলিয়ানৰ মহিলা কনিষ্টবল গৰাকীয়ে স্বামীৰ অসুস্থতাৰ বাবে দেৰগাঁৱৰ প্ৰশিক্ষণস্থলীৰ পৰা শিৱসাগৰৰ ঘৰত আছিল।

আজি দুৰৰীয়া ১১.৩০ মান বজাত ঘৰৰ সমীপতে ছাগলী এৰাল দিবলৈ যাওঁতে চৰিফুল আলী ওৰফে ভাইয়ে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা কৰে।

চৰিফুলৰ কবলৰ পৰা মহিলাগৰাকীয়ে নিজকে কথমপি ৰক্ষা কৰি আত্মীয়ক খবৰ দিয়াত মহিলাগৰাকীৰ আত্মীয় অহি চৰিফুলক কৰায়ত্ত কৰি লপাথপা দি আৰক্ষীক চমজাই দিয়ে।

ইফালে ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে চৰিফুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। চৰিফুলক বৰ্তমান শিৱসাগৰ আৰক্ষী থানাত ৰখা হৈছে।

Related News