NORTHEAST NOW (Assamese)

কৰ’না আতংক! কোভিড-১৯ত আক্ৰান্ত জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ এজন ছাত্ৰ

May 8, 2020 9:43 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমত কৰ’না ৰোগীৰ সংখ্যা সীমিত হৈ থকাৰ বাতৰি প্ৰকাশ হৈ থকাৰ মাজতে বৃহস্পতিবাৰে একেদিনাই ৮জন কৰ’না আক্ৰান্ত ৰোগী চিনাক্ত হয়।

ইয়াৰ মাজত জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ এজন ছাত্ৰও কোভিড-১৯ ত আক্ৰান্ত হৈছে।

ইপিনে, ছাত্ৰজনৰ সম্পৰ্কলৈ অহা সকলোকে স্ক্ৰিনিং কৰা হ’ব আৰু সমগ্ৰ জি এম চি এইচ চেনিটাইজ কৰা হ’ব বুলি ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জি এম চি এইচ খন নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

ভৰ্তি হৈ থকা পূৰ্বৰ ৰোগী সমূহকে উন্নত চিকিৎসা প্ৰদান কৰা হ’ব তথা swab চেম্পল সংগ্ৰহ কৰা হ’ব বুলি তেওঁ কয়।

টুইটাৰযোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিছে।

জি এম চি এইচৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি আক্ৰান্ত ছাত্ৰজনৰ নাম ডঃ লিটিকেশ ডি এছ।

তেওঁ জি এম চি এইচৰ স্নাতকোত্তৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত আৰু তেওঁৰ ঘৰ কৰ্ণাটকত।

অৱশ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গুৱাহাটীৰ চাৰিজন কৰ’না পজিটিভ ৰোগীৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।

তথাপি বিভিন্ন সংবাদ মাধ্যমত অসমৰ দ্বিতীয় কোভিড ৰোগীৰ গুৱাহাটীত মৃত্যু বুলি বাতৰি প্ৰকাশ পাই আছে।

মৃত ১৬ বছৰীয়া কিশোৰী গৰাকীৰ নাম দীপিকা বাছফৰ বুলি চিনাক্ত কৰা হৈছে বুলিও বাতৰিত উল্লেখ কৰিছে।

আনহাতে, আক্ৰান্ত ছাত্ৰজন জি এম চি এইচতে চিকিৎসাধীন হৈ আছে বুলি সূত্ৰসমূহে জানিবলৈ দিয়ে।

ইপিনে,আন এগৰাকী ৰোগী কামৰূপ গ্রাম্যৰ দেৱৰাজ আচাৰ্য বুলি সূত্ৰত প্ৰকাশ পাইছে।

দেৱৰাজৰ প্ৰকৃত ঘৰ শিলিগুৰিত আৰু তেওঁ কামৰূপ গ্রাম্যৰ চাংসাৰিত ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল।

তেওঁৰ দেহত জ্বৰ কাঁহ চৰ্দি ইত্যাদি হোৱা দেখি তেওঁক হোম কোৱাৰেন্টাইন কৰি ৰখা হৈছিল।

লকডাউন শিথিল হোৱাৰ মাজতে যোৱা ৬ মে’ত চাংসাৰীৰ কৰ্ম ক্ষেত্ৰলৈ তেওঁ ঘূৰি আহিছিল।

Related News