NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বিৰুদ্ধে আমেৰিকাৰ ৰাজপথত ক্ষোভৰ জুই; ৰবৰ গুলীত চিৰদিনৰ বাবে এটা চকু হেৰুৱালে মহিলা চিত্ৰ সংবাদিকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 9:05 pm
আৰক্ষীৰ বিৰুদ্ধে আমেৰিকাৰ ৰাজপথত ক্ষোভৰ জুই; ৰবৰ গুলীত চিৰদিনৰ বাবে এটা চকু হেৰুৱালে মহিলা চিত্ৰ সংবাদিকে

কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত জৰ্জ ফ্ল’য়দ নামৰ আফ্ৰিকান-আমেৰিকান এগৰাকী লোকক আৰক্ষীয়ে অমানসিক শাস্তি দি হত্যা কৰা ঘটনাৰ বিৰোধিতাৰে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দেশখনৰ নাগৰিকে।

ৰাজপথত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনীয়ে কন্দুৱা গেছ, ৰবৰ বুলেট নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীৰ ৰবৰ গুলীত এগৰাকী চিত্ৰ সাংবাদিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আৰু চিৰদিনৰ বাবে এটা চকু হেৰুৱাবলগীয়া হয়।

৩৭ বছৰীয়া চিত্ৰ সাংবাদিক গৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ ফটো আপলোড কৰি এই কথা প্ৰকাশ কৰে।

‘‘চিকিৎসকে ছয় সপ্তাহৰ বাবে মোক সম্পূৰ্ণৰূপে কামলৈ নাযাবলৈ উপদেশ দিছে। ভবিষ্যতে মই এটা চকুৰে কাম কৰিব লাগিব,’’ ৩৭ বছৰীয়া মহিলা চিত্ৰ সাংবাদিক গৰাকীয়ে লিখে।

জৰ্জ ফ’য়েদৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদ আৰু ন্যায় বিচাৰি আমেৰিকাৰ ৰাজপথত নমা প্ৰতিবাদকাৰী সকলে বহু ঠাইত দোকান-পোহাৰৰ ওপৰতো লুট-পাত চলোৱা দেখা যায়।