NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ৩০ জানুৱাৰী

Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা January 30, 2024 9:26 am

৩০ জানুৱাৰী

 

তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো

তোমাৰ চৰম ত্যাগৰ দিন।

এটা ভাৰতীয় দিন অগনন ভাৰতীয়ই

তোমাৰ নামত উছৰ্গা কৰিছিল।

এজন ভাৰতীয়ই তোমাক হত্যা কৰিছিল

হেনো ভাৰতক ৰক্ষা কৰিবলৈ।

কিন্তু তোমাৰ হত্যাৰ দিনা আন কোটি কোটি মানুহে

কান্দিছিল।

সেইদিনা তোমাৰ মৃত্যুত যিসকলে মনে মনে

হাততালি দিছিল,

সেইসকলো আজি মৃত।

কিন্তু সিহঁতৰ ছায়াবোৰ এতিয়াও আন্ধাৰৰ পৰা ওলাই আহে

আৰু তোমাক পুণৰ হত্যা ক’ৰে।

তোমাৰ বাবে উৎসৰ্গিত সেই দিনটো যদি আজি

সিহঁতৰ ছায়াবোৰে কাঢ়ি নিব খোজে

তুমি অসহায়,

কাৰণ তুমি মাথোঁ আজি প্ৰতীক।

কিন্তু তুমি কৈছিলা নৈতিক ব’লৰ কথা।

মৌন জনতাৰ কোটি কোটি মনে

সেই বলো বাৰু হেৰুৱালেনে?

———-