NORTHEAST NOW (Assamese)

মৰিগাঁও জিলা সাহিত্য সভা আৰু কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সম্পন্ন হয় এখনি কবি সন্মিলন

November 27, 2020 8:05 pm · চানু গগৈ

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সাহিত্য সভাৰ কাৰ্যালয় মুকলি মঞ্চত অনুষ্ঠিত হয় ‘সুমথিৰা ৰ’দত কবিতাৰ এদিন’ শীৰ্ষক এখনি কবি সন্মিলন।

বিশিষ্ট কবি তথা কবি সন্মিলন  উপ-সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত আনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ কবি সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই।

উদ্বোধনী ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে আদি কালৰ পৰা সাম্প্ৰতিক কাল পৰ্যন্ত কবিতাৰ ক্ৰমবিকাশ আৰু উত্তৰণ সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে।

কবি সন্মিলন উপ-সমিতিৰ সম্পাদক নৱ ৰাজনে আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ ৰাখে জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই।

আনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বুবুমনি গোস্বামী, সম্পাদক পিনাকী ভূষণ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ শইকীয়া, কল্পতৰু চৌধুৰী, জ্যোতিষ বৰ্মন, বিৰিঞ্চি কুমাৰ শৰ্মা, চন্দ্ৰলেখা গোঁহাই লাহনকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ কবিসকলে।

অনুষ্ঠানত পঠিত কবিতাৰাজিৰ ওপৰত চমুকৈ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ দীপকজ্যোতি বৰুৱাই।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ শতাধিক নবীন আৰু প্ৰবীণ কবিৰ অংশগ্ৰহণে অনুষ্ঠানটো জীপাল কৰি তোলে।

ইপিনে অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে বিশিষ্ট সাহিত্যিকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।

Related News