NORTHEAST NOW (Assamese)

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 22, 2025 7:35 am

নিশাৰ আকাশ মানেই যেন এখন যাদুৰ মঞ্চ। আৰু সেই মঞ্চৰ ৰাণী নিঃসন্দেহে চন্দ্ৰ। কেতিয়াবা পূৰ্ণিমা, কেতিয়াবা অৰ্ধচন্দ্ৰ বা কাঁচিজোন- কিমান যে ৰূপ আছে চন্দ্ৰৰ! কিন্তু ক’লা চন্দ্ৰ? ২৩ আগষ্টত কৰিব পাৰিব এই বিৰল চন্দ্ৰ দৰ্শন।

কিন্তু এইটো অলপ ভুল হ’ল, কিয়নো এই চন্দ্ৰটো দেখা নাযাব। কিন্তু ইয়াক ক’লা চন্দ্ৰ বুলি কোৱা হয়! কাৰণ সেইদিনা যে অমাৱস্যা। ‘ব্লু মুন’ যেনেকৈ আচলতে নীলা চন্দ্ৰ নহয়, এই ক্ষেত্ৰতো ইয়াৰ তাৎপৰ্য্য সম্পূৰ্ণ বেলেগ।

দৰাচলতে এই চন্দ্ৰটো দৃশ্যমান নহ’লেও ইয়াৰ তাৎপৰ্য অপৰিসীম। এটা বিশেষ মহাজাগতিক ঋতুত তৃতীয় অমাৱস্যা প্ৰতি ৩৩ মাহৰ মূৰে মূৰে আহে। বা মাহত দুবাৰকৈ অমাৱস্যা হ’লে ক’লা চন্দ্ৰ (ব্লেক মুন) হয়। ২৯ মাহৰ মূৰে মূৰে এনেকুৱা হয়। দুয়োটা ক্ষেত্ৰতে অমাৱস্যাৰ দিনটোত ক’লা চন্দ্ৰ দেখা যায়। ক’ব পাৰি যে দৃশ্যমান নহ’লেও সেই দিনটোক ক’লা চন্দ্ৰৰ দিন বুলি গণ্য কৰা হয়। এইবাৰ যি ক’লা চন্দ্ৰ দেখা যাব সেয়া হ’ল ঋতুভিত্তিক ক’লা চন্দ্ৰ।

এই সময়ত দূৰৈৰ আকাশৰ বহু সদস্য আন্ধাৰত দেখা পোৱা যায়, যিটো সাধাৰণতে আন সময়ত পোৱা নাযায়। কিন্তু খালী চকুৰে নহয়, বাইনোকুলাৰৰ প্ৰয়োজন। টেলিস্কোপ থাকিলে কোনো কথাই নাই। তেনে ক্ষেত্ৰত হাতীপটি বা অধিক দূৰৈৰ অংশৰ নক্ষত্ৰমণ্ডল অধিক স্পষ্টকৈ দেখা পাব। চন্দ্ৰৰ পোহৰে তাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰিব।

ইয়াৰ উপৰিও ২৪ আৰু ২৫ আগষ্টত সূৰ্যাস্তৰ ৩০ৰ পৰা ৪০ মিনিটৰ পিছত পশ্চিম আকাশলৈ চাওক। সেই সময়ত আপুনি আঙুলিৰ নখৰ দৰে পাতল চন্দ্ৰ দেখা পাব। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যও অনন্য। অৱশ্যে এনে মহাজাগতিক সৌন্দৰ্য্য উপভোগ কৰিব বিচাৰিলে চহৰৰ পৰা আঁতৰি থকাটোৱেই ভাল। য’ত প্ৰদূষণ কম, পোহৰ উৎপাত নাই। এনে ঠাইত আকাশখনে যেন নিজৰ সকলোখিনি উজাৰি দিয়ে।

Related News