NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ১২ হাজাৰ বিঘা মাটি দখলৰ গুৰুতৰ অভিযোগ গৌৰৱ গগৈৰ

February 4, 2026 6:24 pm · এন ই নাও নিউজ, গুৱাহাটী

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত গগৈয়ে দাবী কৰে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ ৰাজ্যজুৰি প্ৰায় ১২ হাজাৰ বিঘা মাটি দখল কৰিছে। কংগ্ৰেছ দলে চলোৱা এক আভ্যন্তৰীণ তদন্তৰ পাছত এই তথ্য পোহৰলৈ অহা বুলি তেওঁ উল্লেখ কৰে। গগৈৰ মতে এই ১২ হাজাৰ বিঘাৰ পৰিসংখ্যাই শেষ নহয়, কাৰণ দলৰ তদন্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে আৰু ভূমি দখলৰ পৰিমাণ ইয়াতকৈ অধিক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ উৎস আৰু ভূমি সংক্ৰান্তীয় তথ্য ৰাইজৰ আগত দাঙি ধৰিবলৈ কংগ্ৰেছ দলে এক বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে দলটোৱে হু ইজ এইচ বি এছ নামৰ এটা নতুন ৱেবছাইট মুকলি কৰিছে। ইয়াৰ জৰিয়তে সাধাৰণ ৰাইজক মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিষয়ে হাতত থকা যিকোনো তথ্য ভাগ-বতৰা কৰিবলৈ আহ্বান জনোৱা হৈছে। তথ্য সংগ্ৰহৰ কাম সহজ কৰিবলৈ এটা বিশেষ কিউ আৰ ক’ড আৰু ৯১৩৩৪০০২০০ নম্বৰৰ এটা হেল্পলাইন সেৱাও মুকলি কৰা হৈছে। গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতি আৰু ভূমি কেলেংকাৰীৰ বিষয়টোৰ পৰা মানুহৰ চকু আঁতৰাবলৈহে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ দৰে পুৰণি আৰু ভিত্তিহীন অভিযোগবোৰ পুনৰ টানি আনিছে।

সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে যদি তেওঁৰ হাতত কিবা প্ৰমাণ আছিল, তেন্তে যোৱা বছৰৰ ১০ ছেপ্টেম্বৰতে সেইবোৰ ৰাজহুৱা নকৰিলে কিয়। পাঁচ মাহ ধৰি শুই থকাৰ পাছত এতিয়া হঠাতে মাটি দখলৰ অভিযোগবোৰ গাপ দিবলৈহে পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰা হৈছে বুলি গগৈয়ে কটাক্ষ কৰে। তেওঁ স্পষ্টকৈ কয় যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিৰ এখন সম্পূৰ্ণ ড’ছিয়াৰ প্ৰস্তুত কৰি আছে আৰু এই কথা গম পায়েই বিজেপিয়ে বিমোৰত পৰিছে। গগৈয়ে পূৰ্বৰ দৰেই এই অভিযোগবোৰক এক ফ্লপ শ্ব’ বুলি অভিহিত কৰিছে।

Related News