NORTHEAST NOW (Assamese)

ইনষ্টাগ্ৰামৰ বন্ধুক বিশ্বাস কৰি বিপদত নাবালিকা : বন্ধ হোটেলত দুদিন ধৰি ধৰ্ষণ সপ্তম শ্ৰেণীৰ ছাত্ৰীক

November 6, 2025 10:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 6, 2025 8:32 pm

ভয়ংকৰ ৰূপ ল’লে ইনষ্টাগ্ৰামৰ বন্ধুত্বই। লক্ষ্নৌৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ লগত সংঘটিত হ’ল এই ঘটনা।

ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি, তেওঁৰ কন্যাই বিমল যাদৱ নামৰ এজন যুৱকৰ সৈতে ইনষ্টাগ্ৰামত কথা-বতৰা পাতিছিল। এই চিনাকি মোবাইলৰ মেচেজত আৰম্ভ হোৱা বাৰ্তালাপ টেলিফোনিক বাৰ্তালাপলৈ আগবাঢ়িছিল।

যোৱা ২ নৱেম্বৰত নাবালিকা গৰাকীয়ে অভিযুক্ত বিমল যাদৱক সাক্ষাৎ কৰিবলৈ গৈছিল। সাক্ষাৎৰ সময়ত বিমলৰ সৈতে তেওঁৰ দুজন বন্ধু পিয়ুষ মিশ্ৰ আৰু শুভম শুক্লাও আছিল। তিনিও এখন স্কৰপিঅএছ ইউ ভি লৈ আহিছিল। বিমলে নাবালিকাগৰাকীক লং ড্ৰাইভলৈ লৈ যোৱাৰ কথা কৈছিল।

ইফালে নাবালিকা গৰাকী গাড়ীত উঠাৰ লগে লগে তেওঁৰ পৰা ফোনটো কাঢ়ি লোৱা হয় আৰু জোৰকৈ এখন হোটেললৈ লৈ যোৱা হয়।

অভিযোগ অনুসৰি, সেই হোটেলৰ কোঠাত দুদিন ধৰি তিনিজন অভিযুক্তই নাবালিকাগৰাকীক বাৰম্বাৰ দলবদ্ধ ধৰ্ষণ কৰে। বাধা দিবলৈ চেষ্টা কৰাত তেওঁক মাৰপিট কৰা হয় আৰু আপত্তি কৰিলে গোপন ভিডিঅভাইৰেল কৰি দিয়াৰ ভাবুকিও দিয়া হয়। এইদৰে দুদিন ধৰি চলা অত্যাচাৰৰ পিছত অভিযুক্তকেইজনে নাবালিকাগৰাকীক ঘৰৰ বাহিৰত থৈ গুচি যায়।

এই ঘটনাৰ পিছত নাবালিকাগৰাকী মানসিকভাৱে ভাঙি পৰিছে বুলি মাতৃয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে POCSO ৰ অধীনত গোচৰ ৰুজু কৰিছে।

ইতিমধ্যে দুজন অভিযুক্ত, পিয়ুষ মিশ্ৰ আৰু শুভম শুক্লাক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ মূল অভিযুক্ত বিমল যাদৱ এতিয়াও পলাতক হৈ আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

Related News