NORTHEAST NOW (Assamese)
Popular Stories

‘৮৫৫ জন চহিদক অপমান কৰি মই অনুতপ্ত’; অগপৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অতুল বৰাৰ “ছুইচাইদ নোট” উদ্ধাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 4, 2019 11:48 am
Atul Borah Suicide story

মঙলবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক আওপকীয়াকৈ সমৰ্থন জনোৱা তথা অসম আন্দোলন আৰু অসম চুক্তিক সমালোচনা কৰি মহা বিপাঙত পৰিছে অগপ সভাপতি অতুল বৰা।

ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল বুলি বিবেচনা কৰি অহা অগপৰ সভাপতিগৰাকীৰ এনে উদ্ভট মন্তব্যৰ বিৰোধিতাত কালি নিশা কোনো কেব বিৰোধী চক্ৰই আমবাৰিস্থ অগপ মুখ্য কাৰ্য্যালয়ৰ মুখ্য দ্বাৰৰ সন্মুখত ওলমালে অতুল বৰাই আত্মহত্যা কৰা প্ৰতীকী মৃতদেহ।

প্ৰতীকী মৃতদেহৰ কাষতে এখন ছুইচাইড নোটো আঁৰি থৈ যায়। চুইছাইড নোটখনত লিখা আছিল “মই অতুল বৰা। অৱশেষত মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত আইক বিক্ৰী কৰি কেব সমৰ্থন কৰিলো। কেব সমৰ্থন কৰি মই ৮৫৫ জন শ্বহীদক অপমান কৰি মই অনুতপ্ত। তাৰেই দুখতে মই আজি AGP ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলো। দুখেৰে অতুল বৰা।”

ইয়াৰ উপৰি প্ৰতীকী মৃতদেহটোৰ ওপৰত “নাগপুৰ, মন্ত্ৰীত্বৰ স্বাৰ্থত আইক বিক্ৰী কৰিলো, মা নহয় গাদী ডাঙৰ” বুলিও লিখা আছে।

লগতে পঢ়ক : “অসম আন্দোলন আৱেগৰ দ্বাৰা চলিছিল; আন্দোলন কৰি ৭১ চনলৈকে বিদেশীখিনিক ৰাখিলো”, অতুল বৰা

কোনে এই কাম কৰিলে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা কোনোৱে এই কাম কৰিছে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, অসম আন্দোলনৰ স্মৃতি পুনৰ সজীৱ কৰি কোনো অচিনাক্ত লোকে যোৱা ২৭ নৱেম্বৰৰ নিশাও কাৰ্য্যালয়টোৰ সন্মুখৰ দেৱাল আৰু মূল গে’টত ওলোমাই গৈছিল অগপ নেতৃত্বৰ প্ৰতি জাতীয়তাবাদী আহ্বান।