• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“অসম আন্দোলন আৱেগৰ দ্বাৰা চলিছিল; আন্দোলন কৰি ৭১ চনলৈকে বিদেশীখিনিক ৰাখিলো”, অতুল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 3, 2019 9:24 pm
AGP-Presedent-ATUL-BORA-570x320

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগৰবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰী সভাৰ পৰা ওলাই অহাটো এটা ভুল আছিল বুলি মন্তব্য কৰি এইবাৰ যে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰা নহ’ব, আজি তাৰ এটা ইংগিত দিলে অগপৰ সভাপতি অতুল বৰাই।

দিচপুৰৰ মন্ত্ৰিত্বৰ আৱাসত আজি সংবাদ মাধ্যমৰ আগত আঞ্চলিক দলটোৰ শীৰ্ষ নেতাজনে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় কিছুমান প্ৰশ্নৰ উত্তৰ দিয়ে।

Apply Now

অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত গুৰুত্বপূৰ্ণ বুলি ধৰিব পৰা বৰাৰ মন্তব্যবোৰত আগন্তুক দিনত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত দলটোৰ স্থিতিৰ এটা আভাস পোৱা যায়।

“চৰকাৰৰ পৰা ওলাই অহাৰ সময়ত আমি ভুল ভাবিছিলো এয়া ৰাইজৰ নিৰ্দেশ আছিল বুলি। কিন্তু ৰাইজৰ নিৰ্দেশ নাছিল, এমুঠিমান মানুহৰহে নিৰ্দেশ আছিল”, বৰাই কয়।

তেওঁ ৰাইজে অগপৰ পৰা “কেব”ৰ বিৰোধিতা বিচৰা নাই বুলি দাবী কৰে।

“ৰাইজে বিচাৰে বাবেই এই ইছ্যুক লৈ মন্ত্ৰীসভাৰ পৰা আঁতৰি ৰাইজৰ কাষলৈ গৈছিলো। কিন্তু আমাক ৰাইজে আদৰি লোৱা নাছিল। ৰাইজে আমাক ভোট নিদিলে”, বৰাৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য।

দলটো “কেব”ৰ পক্ষত থকাটো ইয়াতকৈ স্পষ্ট কৰি দি বৰাই কয়, “মই আকৌ কৈছো না বিদেশী যাব, না বাংলাদেশে সেই বিদেশীক আদৰি ল’ব। এই বাস্তৱৰ মাজত থাকিয়েই আমি আমাৰ সুবিধাবিলাক কেনেকৈ আদায় কৰিব পাৰো, সেইটোহে মূল কথা। আমি (অগপ) চৰকাৰ কৰোঁতে একো এটা কৰিব নোৱাৰিলো, এতিয়া কোনোবাই কিবা এটা কৰিব ওলাইছে যেতিয়া আকৌ আমি ইম’শ্যনেলি গোটেই ইচ্ছুৰ পৰা মানুহক ডাইভাৰ্ট কৰি মূল যিটো সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈছে তাৰ পৰা আঁতৰত থাকিম, এনে কথা হ’ব নোৱাৰে।”

“কেব”ৰ বিৰুদ্ধে কটনিয়ানৰ জাগৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰীজনৰ মন্তব্য, “ছাত্ৰ হ’লে অলপ ইম’শ্যন থাকেই। মই অভিজ্ঞতাৰ পৰা কৈছো।”

আনহাতে অসম আন্দোলন আৰু অসম চুক্তিক সততে সমালোচনা কৰি অহা হিমন্তৰ সুৰতেই বৰাই আন্দোলনটো আৱেগৰ দ্বাৰা পৰিচালিত আছিল বুলি মন্তব্য কৰে।

“অসম আন্দোলন ইম’শ্যনতেই হৈছিল। অসম আন্দোলন কৰিলো, ১৯৫১ চনৰ পৰা ৭১ চনলৈকে বিদেশীখিনিক ৰাখিলো, এয়াই বাস্তৱ সত্য।”

তেওঁ সেয়া নেতৃত্বৰ ভুল আছিল আৰু অতীতৰ পৰা শিক্ষা ল’ব লাগিব বুলি কয়।

“অসমৰ জনসাধাৰণে কৰ্তৃত্ব দিছিল নেকি? কৈছিল নেকি এনেকুৱা কৰিবলৈ? হয়তো বিশেষ পৰিস্থিতিত পৰি সেই সময়ৰ নেতৃত্বই এনে কৰিব লগীয়া হ’ল।”

কটনিয়ানৰ প্ৰসংগত বৰাৰ মন্তব্য, “ছাত্ৰসকলে বিবেচনা কৰিছে কেবে ক্ষতি কৰিব, যিটো আমি এসময়ত বিবেচনা কৰিছিলো। তেওঁলোকে নতুন কেবখন দেখা নাই, আমিও দেখা নাই। এই বিষয়টোৰ লগত গভীৰভাৱে জড়িত আছো বাবেই আমি কথাবোৰ হৃদয়ংগম কৰিছো। আৱেগিকভাৱে কিছুমান শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিছে। তেওঁলোকে অতীতটো নাজানে। অতীতত কিমান আন্দোলন হৈছে তেওঁলোকে নাজানে। কেব সংসদৰ মজিয়াত যে বহুতবাৰ আহিছিল সেই কথা তেওঁলোকে নাজানে।  আজি বহুতেই কিছুমানক বিপথে পৰিচালিত কৰিছে। কিছুমানে ভাবিছে দেশৰ স্বাৰ্থ বিঘ্নিত হ’ব, কিন্তু ভবাতো অস্বাভাৱিক কথা একো নাই, কাৰণ আমিও যোৱাবাৰ কেবৰ বিৰোধিতা কৰিছিলো।”

উল্লেখযোগ্য যে দুদিন পূৰ্বে একাংশ কটনিয়ানে অগপৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছিল।

তেওঁলোকক কেবৰ বিৰোধিতাৰে মন্ত্ৰীসভাৰ পৰা ওলাই আহিবলৈ আহ্বান জনোৱাটোৰ আঁৰত ষড়যন্ত্ৰ আৱিষ্কাৰ কৰি সভাপতি বৰাই কয়, “কিবা এটা কৰি আমাৰ তিনিক মন্ত্ৰিত্বৰ পৰা আঁতৰাব পাৰিলে তেওঁলোকৰ হৈ গ’ল। আমি আঁতৰি অহাৰ পাছত কিছুমান মঞ্চই “কেব”ৰ বিৰুদ্ধে প্ৰতিবাদেই নকৰা হ’ল। কিন্তু এইবাৰ আমি ৰাইজৰ মতেহে যাম।”

সংবাদ মাধ্যমৰ প্ৰশ্নত ব্যতিব্যস্ত বৰাই শেষত সংবাদ মাধ্যমক আঁতৰি যাবলৈ আহ্বান জনায়।

“কেইদিনমানহে আছে দেখিবই আপোনালোকে। “কেব”খন মানি ল’লেও দেখিব, মানি নল’লেও দেখিব। কিয় গৰ্ভত থাকোতে সন্তানটো মতা নে মাইকী চাবলৈ বিচাৰিছে? আজিকালি চিকিৎসাবিজ্ঞানেও সেইটো নকয়। আৰু মোক ওল্টা-পুল্টা প্ৰশ্ন কৰি নাথাকিব। এতিয়া যাওক।

উল্লেখ কৰিব পাৰি যে ২০১৮ চনৰ ২৩ অক্টোবৰত লতাশিল খেলপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অতুল বৰাই বিধেয়কখন কোনো কাৰণতে মানি নলওঁ বুলি উদাত্ত ভাষণত কৈছিল।

“আমি দিল্লীক সুধিব বিচাৰো- ‘আপোনালোকে অসম স্বদেশীৰ হোৱাটো বিচাৰে নে বিদেশীৰ হোৱাটো বিচাৰে?’ যদি স্বদেশীৰ হোৱাটো বিচাৰে তেনেহ’লে অসমৰ জনমতক উপেক্ষা নকৰিব। বিধেয়ক আমি কোনো কাৰণতে মানি নলওঁ। আমাৰ বাবে অসম চুক্তি গীতা কোৰাণ বাইবেল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd