NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ এজন শিক্ষক আৰু এজাক শিশুৰ ব্যতিক্ৰমভাৱে নৱবৰ্ষক আদৰাৰ চেষ্টা

Posted by: এন ই নাও নিউজ December 31, 2018 12:47 pm

বঙাইগাঁও জিলাৰ এজন শিক্ষক আৰু এজাক শিশুৱে হাতত ঝাড়ু লৈ ব্যতিক্ৰমী প্ৰচেষ্টাৰে নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে। সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে বছৰৰ শেষৰ দিনাও চলাইছে বৃক্ষ ৰোপণ কাৰ্যসূচী।

বঙাইগাঁও জিলাৰ টুলুঙীয়া ৪০০ নং নাচনগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বুদ্ধেশ্বৰ ৰায়ে ২০০১ চনৰ পৰাই সেউজ পৃথিৱী গঢ়াৰ চেষ্টা চলাই আহিছে।

সমান্তৰালভাৱে আজিও বছৰৰ অন্তিমটো দিনত শিক্ষক গৰাকীয়ে এজাক শিশুৰ সৈতে হাতে হাতে ঝাড়ু লৈ গাঁৱৰ বাট-পথ পৰিষ্কাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তামোলগছ পুলি ৰোপণ কাৰ্যসূচী।

গড়কাপ্তানি পথৰ দাঁতিত, বিভিন্ন স্কুল-কলেজ, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা শিক্ষকগৰাকীয়ে নৱবৰ্ষত ৫০০০ হাজাৰ গছ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে শিক্ষক গৰাকীয়ে বঙাইগাঁও জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২৫০০ গছপুলি ৰোপণ কৰে।

প্ৰকৃতিপ্ৰেমী শিক্ষক গৰাকীয়ে লগতে গোলকীয় উষ্ণতা আৰু সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত সকলোকে বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনায়।