NORTHEAST NOW (Assamese)
অসম

অসমৰ প্ৰতিবাদৰ বিষয়টো লৈ প্ৰধান মন্ত্ৰী মোদী আৰু শ্বাহক সাক্ষাৎ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2019 10:25 am
modi-super-sad

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত চলি থকা প্ৰতিবাদৰ বিষয়টো লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এটা দলে শীঘ্ৰেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শনিবাৰে কয় যে বিজেপিৰ বিধায়ক আৰু সাংসদসকলৰ এখন বৈঠকত ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীক অৱগত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পাটোৱাৰীয়ে লগতে কয় যে এটা দলে ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত কৰিবলৈ শীঘ্ৰেই নেতা দুগৰাকীক সাক্ষাৎ কৰিব।

বৈঠকত ৰাজ্যখনৰ জনসাধাৰণক শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনোৱা হয়।

মুখ্য মন্ত্ৰী সোণোৱালে টুইট কৰি লিখিছে যে তেওঁ মন্ত্ৰীসভাৰ সতীৰ্থ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদ, বিধায়ক, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে বৰ্তমান পৰিস্থিতিক লৈ আলোচনা কৰে।

ৰাজ্যখনত জনসাধাৰণৰ প্ৰবল প্ৰতিবাদৰ লগতে বিক্ষিপ্ত হিংসাত্মক ঘটনাৰো প্ৰতিফলন ঘটিছে।

বহুকেইখন দোকান, বাহন জ্বলাই দিয়াৰ লগতে বহুতো চৰকাৰী সম্পত্তিৰো ক্ষতিসাধন কৰা হৈছে।

বুধবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদৰ সময়ত এতিয়ালৈকে মুঠ পাঁচজন লোকে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে।

ইপিনে, প্ৰতিবাদৰ ফলত অচল হৈ পৰা ৰাজ্যখনত ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে মোবাইল ইন্টাৰনেট সেৱা ১৬ ডিচেম্বৰলৈকে বন্ধ ৰাখিছে।

বৰ্তমান সান্ধ্য আইনৰ কবলত থকা গুৱাহাটী মহানগৰীত দেওবাৰে পুৱা ৯বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে। আনহাতে, স্কুল-কলেজসমূহ ২২ ডিচেম্বৰলৈকে বন্ধ কৰি দিয়া হৈছে।