NORTHEAST NOW (Assamese)

শিৱসাগৰত জল জীৱন মিছনৰ আঁচনি নীৰিক্ষণ কৰিবলৈ আই আই টি মাদ্ৰাজৰ পৰা আহিল বিশেষজ্ঞ দল

November 6, 2024 5:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শিৱসাগৰত কাৰ্যক্ষম হৈ থকা জল জীৱন মিছন আঁচনি সমূহ নীৰিক্ষিণ কৰিবলৈ আই আই টি, মাদ্ৰাজৰ পৰা আহিল বিশেষজ্ঞ দল।

ৰূপায়ন কৰা আঁচনি সমূহ সঠিকভাৱে চলি আছে নে নাই, যোগান ধৰা পানী প্ৰকৃততে বিশুদ্ধ হয় নে নহয় – এই দিশসমূহ নীৰিক্ষণ কৰিছে দুজনীয়া বিশেষজ্ঞৰ দলে ।

শিৱসাগৰ জিলাৰ পানবেচা চাপৰিচুক জল জীৱন আঁচনি, পালেঙী জলজীলন আঁচনিসহ  ১০ খন আঁচনি নীৰিক্ষণ কৰে দলটোৱে।

আঁচনি কেইখনে সামৰি লোৱা ৰাইজৰ সৈতেও মত বিনিময় কৰে আই আই টিৰ দলটোৱে।

লক্ষ্যনীয় যে আই আই টি, মাদ্ৰাজৰ বিশেষজ্ঞ দুজনে শিৱসাগৰৰ উপৰিও চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এই জলজীৱন মিছন আঁচনি সমূহ নীৰিক্ষণ কৰিছে।

বৰ্তমানলৈকে পৰিদৰ্শন কৰা জলজীৱন মিছন আঁচনি কেইখনৰ পানী বিশুদ্ধ বুলি নিশ্চিত কৰিছে দলটোৱে। লগতে সঠিকভাৱে ৰাইজে বিশুদ্ধ পানী লাভ কৰি থকা বুলি জনাইছে।

বিশেষজ্ঞ দলটোৰ সৈতে শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাসহ আন আন  বিষয়ববীয়া সকল উপস্থিত থাকে।

Related News