NORTHEAST NOW (Assamese)

হাজোত স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰা চাহৰুক খানক গ্ৰেপ্তাৰ

March 29, 2020 4:55 pm · এন ই নাও নিউজ
Updated: March 29, 2020 4:56 pm
চাহৰুক খান (ৰঙা চোলা পৰিহিত)। ফটো : নৰ্থ-ইষ্ট নাও

২৮ মাৰ্চ অৰ্থাৎ শনিবাৰে কামৰূপ(গ্ৰাম্য) জিলাৰ হাজোত স্বাস্থ্য কৰ্মীক শাৰিৰীকভাৱে আক্ৰমণ কৰা নিকৃষ্টি মানসিকতাৰ যুৱক চাহৰুখ খানক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে চাহৰুকক।

শনিবাৰে হাজোৰ বৰ্ণিৰ উপ স্বাস্থ্য কেন্দ্ৰৰ পৰা যোৱা এগৰাকী ANM কৰ্মী আৰু মুস্তাফা আলী নামৰ এগৰাকী MPW ৰ কৰ্মচাৰীক বেয়াকৈ মাৰ-ধৰ কৰিছিল চাহৰুক খান নামৰ যুৱক জনে।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিহাৰৰ পৰা নিজৰ ঘৰলৈ অহা চাহৰুক খানক স্বাস্থ্য বিভাগে নিৰীক্ষণত ৰাখি ঘৰতে থকাৰ নিৰ্দেশ দিছিল। কিন্তু যুৱকজনে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অমান্য কৰি ঘৰৰ বাহিৰ ওলোৱাৰ লগতে বজাৰ কৰি ঘূৰি ফুৰিছিল।

এই কথা জানিব পাৰি শনিবাৰে স্বাস্থ্য বিভাগৰ উক্ত কৰ্মচাৰী দুজনে চাহৰুক খানক ঘৰতে থকাৰ বাবে পৰামৰ্শ দিবলৈ গৈছিল। আৰু তেতিয়াই উদণ্ড যুৱকজনে স্বাস্থ্য কৰ্মী দুজনক বেয়াকৈ আক্ৰমণ কৰে।

ক’ৰ’না আতংকৰ সময়ত কৰ্তব্যত ব্ৰতী থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী দুজনক আক্ৰমণ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন লোকে তেওঁৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল।

আৰক্ষী প্ৰশাসনে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে আৰু ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related News