NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

June 5, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 5, 2025 8:03 pm

জলমগ্ন সমগ্ৰ ৰাজ্য। বাঢ়নী পানীৰে উপচি পৰিছে ৰাজ্যৰ বিভিন্নপ্ৰান্ত। তাৰ মাজতে গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা।

পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ সলিলসমাধি। পথাৰৰ মাজত খান্দি থোৱা পুখুৰীত পৰি ৩ কণমানিয়ে মৃত্যুক আঁকোৱালি লয়।

সলিলসমাধি ঘটে সবিতা বেগম, ছাৰজিনা বেগম আৰু আজমিনা বেগমৰ।

মৃত সবিতা আৰু আজমিনাৰ বয়স ১২ বছৰ আৰু ছাৰজিনা বেগমৰ বয়স আছিল ৭ বছৰ বুলি জানিব পৰা গৈছে।

মাছ ধৰিবলৈ যোৱাৰ সময়তে পৰি যায় পথাৰৰ মাজত খান্দি থোৱা পুখুৰীটোত। ৰাইজে উদ্ধাৰ কৰে তিনি কণমানিৰ নিথৰদেহ।

Related News