NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ১০ মিনিটৰ ব্যৱধানত এখন ট্ৰাকে খুন্দিয়ালে পাঁ‌চখনকৈ বাহন; ঘটনাক লৈ চাঞ্চল্য নগাঁৱৰ লাওখোৱাত

Posted by: মিণ্টু দাস November 12, 2018 7:56 pm
95ff66ef-c660-4b39-95c4-ff40b8e58999

আজি দুপৰীয়া নগাঁও চহৰৰ লাওখোৱা পথত এখন ট্ৰাকে মাত্ৰ ১০ মিনিটমানৰ ব্যৱধানৰ ভিতৰতে ইখনৰ পিছত সিখনকৈ মুঠ পাঁচখন বাহনক খুন্দিওৱাত সাধাৰণ ৰাইজৰ মাজত তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰে।

জানিব পৰা মতে, চহৰখনৰ অতি ব্যস্ত এলেকা লাওখোৱা পথত দিনৰ ২ বজাত এছ ০৯-১০৮২ নম্বৰৰ এখন ট্ৰাকে দুখন চাৰিচকীয়া গাড়ী, এখন মটৰ চাইকেল আৰু দুখন স্কুটী মহতিয়াই নিয়ে। এই ঘটনাৰ পৰা কোনোমতে কেইবাজনো আৰোহী আৰু পথচাৰীয়ে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী অনুসৰি ট্ৰাকখনে প্ৰথমে এখন মাৰুতি কাৰত খুন্দিয়াই। তাৰ পাছত এ এছ ০১ এম বি- ০৪৬১ নম্বৰৰ মটৰ চাইকেলত খুন্দা মাৰি পথৰ কাষতে ৰখাই থোৱা এ এছ ০২ এন ১০৩৪ নম্বৰৰ আন এখন মাৰুতি ছুইফট গাড়ীত খুন্দিয়ায়। ইয়াতে ক্ষান্ত নাথাকি ট্ৰাকখনে পুনৰ এ এছ ০২ পি-২৫৩৮ নম্বৰৰ এখন স্কুটীৰ লগতে পথৰ কাষতে ৰখাই থোৱা আন এখন নতুন স্কুটীত খুন্দা মাৰে।

60af8ffe-ddd9-438b-830c-c9a2067f7249
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে নিয়ন্ত্ৰণহীনভাৱে ট্ৰাকখন অহা দেখিয়ে সকলো আৰোহীয়ে বাহনসমূহৰ পৰা জপিয়াই নিজৰ নিজৰ প্ৰাণ ৰক্ষা কৰে।

আধাঘণ্টাৰো অধিক সময় ধৰি নগাঁৱৰ ৰাজপথত এনেদৰে সন্ত্ৰাস চলোৱাৰ পিছত ট্ৰাকখন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। লগে লগে স্থানীয় লোকে ট্ৰাকখনৰ চালক জিতেন বৰাক কৰায়ত্ব কৰি বান্ধি থয়।

ইফালে এই ঘটনাক লৈ লাওখোৱা পথত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি চালকজনক আটক কৰি থানালৈ নিয়াৰ লগতে ট্ৰাকখনো জব্দ কৰে।