NORTHEAST NOW (Assamese)

তেজপুৰ বিশ্ববিদ্যালয়ত নতুন পোহৰত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা সম্পন্ন

November 21, 2024 11:45 am · এন ই নাও নিউজ, গুৱাহাটী

তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ১৯ নৱেম্বৰৰ পৰা ‘নতুন পোহৰত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি’ শীৰ্ষক দুদিনীয়া আলোচনা চক্ৰ আয়োজন কৰা হয়।পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে বিভাগীয় মুৰব্বী ড॰ জুৰি দত্তই৷

আলোচনা-সত্ৰৰ উদ্দেশ্য ব্যাখা কৰে সমন্বয়ক তথা বিভাগৰ সহকাৰী অধ্যাপক ড॰ সঞ্জীৱ ডেকাই৷ উদ্বোধক হিচাপে উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে অসমীয়া বিভাগৰ এই উদ্যোগৰ শলাগ লয় আৰু ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষা-সাহিত্যৰ অধ্যয়ন-গৱেষণাৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই অনা সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানৱিকীবিদ্যা আৰু সমাজবিজ্ঞান বিদ্যাপীঠৰ ডীন অধ্যাপক ফাৰহীনা দন্তা৷ তেখেতে নতুন দৃষ্টিভংগীৰে অসমীয়া প্ৰাক্‌-আধুনিক সাহিত্যৰ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য ৰাখে৷

বীজ ভাষণ প্ৰদান কৰোতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড॰ সঞ্জীৱ কুমাৰ নাথে অসমৰ বৌদ্ধিক ইতিহাসত সেতু নিৰ্মাতাৰ ভূমিকা গ্ৰহণকাৰী হিচাপে শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণকান্ত সন্দিকৈ আদিৰ প্ৰগতিশীল ভূমিকা সন্দৰ্ভত এক সাৰগৰ্ভ বিশ্লেষণ দাঙি ধৰে৷ বিশ্বৰ বিভিন্ন সাহিত্যৰ প্ৰসংগ-অনুষংগৰ জেৰ টানি তেওঁ অসমীয়া সাহিত্যৰ এক তুলনামূলক আলোকপাত কৰে৷ তদুপৰি অসমীয়া ভাষা-সাহিত্যলৈ অহা সংকট আৰু সম্ভাৱনাৰ বিভিন্ন দিশ উন্মোচন কৰাৰ লগতে এই প্ৰেক্ষাপটত অসমীয়া সমাজৰ কৰণীয় সন্দৰ্ভত এক পৰ্যালোচনা আগবঢ়ায়৷

উদ্বোধনী অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই সমন্বয়ক তথা সহকাৰী অধ্যাপক জ্যোতিষ্মান দাসে৷ উল্লেখযোগ্য যে এই আলোচনা-সত্ৰত প্ৰায় ডেৰশ অংশগ্ৰহণকাৰীয়ে গৱেষণা-পত্ৰসহ অংশগ্ৰহণ কৰে৷

বুধবাৰৰ কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপক কামালুদ্দিন আহেমেদে ‘অসমীয়া কবিতাৰ সাম্প্ৰতিক গতিবিধি’ সন্দৰ্ভত এটি আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰে৷ এই আলোচনা-সত্ৰত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰাধ্যাপক জয়ন্ত কুমাৰ বৰা আৰু এবিলেকৰ সহযোগী অধ্যাপক ড॰ ভাস্কৰজ্যোতি শৰ্মাই অংশ গ্ৰহণ কৰে৷ অসমীয়া বিভাগৰ এই আয়োজনে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক নতুন দৃষ্টিভংগীৰ বিভিন্ন দিশ মুকলি কৰিছে৷

Related News