NORTHEAST NOW (Assamese)

সামাজিক মাধ্যমত ভাইৰেল প্ৰভু নামৰ এজন ব্যক্তি; কিন্তু কিয়! চাওক এই ভিডিঅ’

December 15, 2021 10:29 am · এন ই নাও নিউজ, গুৱাহাটী

সামাজিক মাধ্যমত ভাইৰেল হোৱা কিছুমান ভিডিঅ’ই আমাক সুখী অনুভৱ কৰায়। এনে ভিডিঅ’বোৰে ব্যক্তিৰ মনঃস্তাত্বিক জগতখনক আন্দোলিত কৰি তোলে।

এনে ভিডিঅ’ সমূহৰ ভিতৰত বিপদত পৰা নিৰ্বাক নিৰ্বোধ জীৱ-জন্তুৰ উদ্ধাৰৰ বাবে মানুহৰ প্ৰশংসনীয় পদক্ষেপে সকলোৰে অন্তৰ স্পৰ্শ কৰে।

এনে এক কামৰ বাবেই এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে প্ৰভু নামৰ এজন ব্যক্তি। তামিলনাডুৰ প্ৰভুৱে কুকুৰৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হোৱা এটা আঘাতপ্ৰাপ্ত বান্দৰ পোৱালীক জীৱন দিয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰভু এই মহৎৰ প্ৰচেষ্টা ভিডিঅ’টো ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনেও শ্বেয়াৰ কৰে। তেওঁ পোষ্টটোৰ শিৰোনাম দি কয় “আশা আছে।”

ভিডিঅ’টো মূলতঃ ভাৰতীয় বন সেৱাৰ বিষয়া সুধা ৰমেনে শ্বেয়াৰ কৰিছিল। ৰমেনে মানুহজনক প্ৰভু বুলি উল্লেখ কৰিছিল আৰু লিখিছিল যে তেওঁ কুকুৰৰ এটা দলে আক্ৰমণ কৰা 8 মাহৰ বান্দৰ পোৱালীক পুনৰুজ্জীৱিত কৰিবলৈ বহু বছৰ আগতে শিকা প্ৰাথমিক চিকিৎসা কৌশল ব্যৱহাৰ কৰিছিল। তেওঁৰ এই দ্ৰুত পদক্ষেপে এই সৰু জীৱটোৰ জীৱন ৰক্ষা কৰিছে বুলি যোগ দিয়ে সুধা ৰমেনে।

 

ভিডিঅ’টোত দেখা গৈছে যে মানুহজনে প্ৰথমে উশাহ হেৰুৱাই পেলোৱা বান্দৰটোৰ বুকুখন পাম্প কৰিছিল। কিন্তু ই বেছি সহায় নকৰা যেন দেখি মানুহজনে মুখেৰে বান্দৰটোৰ মুখত বায়ু সঞ্চালন কৰি পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল।

বান্দৰটোৱে জ্ঞান ঘূৰাই পোৱাৰ লগে লগে মানুহজনৰ মুখখন হাঁহিৰে উজ্বলি উঠিছে আৰু তেওঁ মৰমেৰে বান্দৰ পোৱালীটো আকোৱালি লৈছে।

সুধাৰ এই পোষ্টটো অশ্বিনে শ্বেয়াৰ কৰাৰ পিছত ভিডিঅ’টো ২.৭৫ লাখতকৈও অধিক লোকে দৰ্শন কৰিছে আৰু প্ৰভুৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে।

Related News