NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত মৃত্যু এগৰাকী মহিলাৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী June 14, 2022 4:31 pm

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত এগৰাকী মহিলাৰ মৃত্যু ঘটিছে। SDRF বাহিনীয়ে অনিল নগৰত উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ।

এই পৰ্যন্ত কিন্তু মহিলা গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

কৃত্ৰিম বানৰ ফলত পুৱাৰ ভাগত গুৱাহাটীৰ বৰাগাঁৱত ভয়াবহ ভূমিস্খলনে প্ৰাণ লৈছিল চাৰি জনকৈ শ্ৰমিকৰ আৰু তাৰেই পাছত অনিল নগৰত কৃত্ৰিম বানৰ ফলত প্ৰাণ হেৰুৱাব লগীয়া হৈছে এগৰাকী মহিলাই।

লগতে পঢ়ক: জলমগ্ন গুৱাহাটী: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা; হেল্পলাইন নম্বৰ মুকলি

নেৰা নেপেৰা বৰষুণৰ ফলত পুৱাৰ ভাগৰ পৰাই কৃত্ৰিম বানৰ কৱলত পৰিছে মহানগৰীৰ বিভিন্ন অঞ্চল।

ইপিনে, অনিল নগৰত কৃত্ৰিম বানৰ ফলত ঘৰ এৰি স্থানান্তৰ হ’ব লগীয়া হৈছে বহু লোক।