NORTHEAST NOW (Assamese)
অসম

চীনৰ সকীয়নি সত্ত্বেও চলিত সপ্তাহতে টাইৱানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক আমেৰিকাৰ স্পীকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 4, 2023 1:05 pm

টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন আমেৰিকা ভ্ৰমণত আছে। বাতৰি অনুসৰি তেওঁ আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ স্পীকাৰ কেভিন মেককাৰ্থীৰ সৈতে বৈঠকত মিলিত হ’ব।

আমেৰিকাৰ সদনৰ অধ্যক্ষ মেককাৰ্থীয়ে নিশ্চিত কৰিছে যে তেওঁ চলিত সপ্তাহতে কেলিফৰ্ণিয়াত ছাই ইন-ৱেনৰ সৈতে সাক্ষাৎ কৰিব।

লগতে পঢ়ক: ন’ বল দিয়াৰ ‘অপৰাধ’! হত্যাৰ বলি আম্পায়াৰ

অৱশ্যে এই বিষয়টোক লৈ চীনে সকীয়নি জাৰি কৰিছে। বেইজিঙে আনকি “প্ৰতিশোধমূলক ব্যৱস্থা” গ্ৰহণৰো সতৰ্কবাণী শুনাইছে।

যোৱা বছৰ আমেৰিকাৰ প্ৰতিনিধি সদনৰ তদানীত্বন অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰিছিল। তেতিয়াও বেইজিঙে ক্ষুব্ধ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। চীনে টাইৱানৰ আশে-পাশে সামৰিক অনুশীলন চলাইছিল।

লগতে পঢ়ক: সীমান্তত উচটনিয়েই নহয়, আৰু কীৰ্তি শত্ৰু চীনৰ! এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম

শেহতীয়াকৈ টাইৱান চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে দেশখনে পুনৰ বৃহৎ পৰিসৰৰ অনুশীলন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।