NORTHEAST NOW (Assamese)
অসম

চলমান খানৰ ঘোঁৰা কিনিবলৈ গৈ ১২ লাখ টকা পানীত পেলালে এইগৰাকী মহিলাই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2021 2:36 pm
salman Khan withhorse

চলমান খানে উঠি ফুৰা ঘোঁৰা কিনিবলৈ হঠাতে ৰাজস্থানৰ এগৰাকী মহিলা সন্তোষ ৰাঠি কিয় আগ্ৰহী হৈ উঠিল?  তেওঁ কিনা ঘোঁৰাটোতেই যে বলীউদৰ চুলতান চলমান খান উঠি ফুৰিছিল সেইকথা কেনেকৈ বিশ্বাস কৰিলে?

হয়, এই মহিলাগৰাকীৰ অন্ধবিশ্বাসৰ বাবেই তেওঁ হেৰুৱাবলগীয়া হ’ল ১২ লাখ টকা।

ৰাজস্থানৰ সন্তোষ ৰাঠি নামৰ মহিলাগৰাকীয়ে এটা ঘোঁৰা কিনিবলৈ ঠিক কৰিছিল। সেই সূত্ৰেই তেওঁৰ নিৰ্ভয় সিং, ৰাজপ্ৰীত আৰু আন এজন লোকৰ সৈতে সাক্ষাৎ হৈছিল। তৃতীয়গৰাকী লোকৰ নাম নাজানে সন্তোষে।

লোক তিনিজনে তেওঁক এখন ছবি দেখুৱায়। ছবিত এটা ঘোঁৰাৰ ওপৰত উঠি আছে চলমান খান। প্ৰবঞ্চক তিনিজনে মহিলাগৰাকীক চলমানে তেওঁৰ প্ৰিয় ঘোঁৰাটো বিক্ৰী কৰিব বুলি জানিবলৈ দিয়ে।

তেওঁলোকে মহিলাগৰাকীক কয় যে তেওঁ এই ঘোঁৰাটো কিনিলে লাভৱান হ’ব। কিয়নো চলমানৰ ঘোঁৰা তেওঁ পুনৰ দুগুণ দামত বিক্ৰী কৰিব পাৰিব।

প্ৰৱঞ্চকৰ এনে প্ৰলোভনত ভোল গৈ সন্তোষ ৰাঠিয়ে লগে লগে তেওঁলোকক ১১লাখ টকা আদায় দিয়ে। পাছত আকৌ চেক যোগে ১লাখ টকা দিয়ে।

ইপিনে, ঘোঁৰাটো নিবলৈ অহাৰ সময়তে সন্তোষে প্ৰৱঞ্চিত হোৱাটো বুজিব পাৰে। তেওঁক এটুকুৰা নিৰ্দিষ্ট স্থানলৈ মতা হয়। তাত কেইবা ঘন্টাও অপেক্ষা কৰাৰ পাছতো কাৰো দেখাদেখি নাই। তেতিয়াই সন্তোষে নিজৰ ভুল বুজিব পাৰে।

সন্তোষ ৰাঠিয়ে প্রথমতে থানাত অভিযোগ দিয়ে যদিও কোনো ফল নধৰিল। পাছত তেওঁ তদন্ত বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

কিন্তু ন্যায়াধীশে তেওঁৰ আবেদন খাৰিজ কৰে আৰু নিজৰ অভিযোগ স্থানীয় থানাৰ ডিচিপিক জনাবলৈ কয়। আৰক্ষীয়ে প্ৰৱঞ্চকৰ সন্ধান উলিওৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।